• সাৱধান! ৪৮,৫০০ বছৰ ধৰি বৰফৰ মাজত সুপ্ত হৈ থকা জম্বি ভাইৰাছ পুনৰ হৈছে সক্ৰিয়, চিনেমাত দেখা কাল্পনিক ৰোগে সৃষ্টি কৰিব পাৰে সংহাৰৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    সাৱধান! ৪৮,৫০০ বছৰ ধৰি বৰফৰ মাজত সুপ্ত হৈ থকা  জম্বি ভাইৰাছ পুনৰ হৈছে সক্ৰিয়, চিনেমাত দেখা কাল্পনিক ৰোগে সৃষ্টি কৰিব পাৰে সংহাৰৰ
    ডিজিটেল ডেস্কঃ চিনেমাত দেখা কাল্পনিক ৰোগে এতিয়া বাস্তৱত পৰিণত হোৱাৰ পথত।জম্বী চিনেমা আপুনি কেতিয়াবা নিশ্চয়কৈ চাইছে। যদি চোৱা নাই , জমবি হৈছে মানুহৰেই এটা কাল্পনিক পৰ্যায় , যিটো পৰ্যায়ত মানুহৰ মস্তিষ্কটো সম্পূৰ্ণ মৃত হৈ যায় যদিও শৰীৰটো চলি থাকে। অৰ্থাৎ এনে পৰ্যায়ত ব্যক্তিগৰাকীৰ চিন্তাশক্তি একেবাৰে ম্লান পৰি যায় কিন্তু শৰীৰটো জীয়াই থাকে। আৰু এনে সময়ত মানুহ কেৱল তেজৰ বাবে ভোকাতুৰ হৈ পৰে। এক বিশেষ ভাইৰাছৰ পৰা মানুহ এইবিধ বেমাৰত  সংক্ৰমিত হয় বুলি কোৱা হয়।  ইণ্টাৰনেটত এনে জম্বী চিনেমা কেইবাখনো উপলব্ধ। 

    মানৱ সভ্যতাই যিকোনো মুহূৰ্তত এনে জম্বী  মহামাৰীৰ সমুখীন হোৱাৰ আশংকা কৰিছে বিজ্ঞানী সকলে। 

    বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি মেৰুৰ পাৰমাফ্ৰষ্ট  এলেকাত  ৪৮,৫০০ বছৰ ধৰি সুপ্ত  হৈ থকা প্ৰাচীন ভাইৰাছবোৰ এদিন পৃথিৱীৰ উষ্ণ জলবায়ুৰ ফলত নিৰ্গত হৈ এক ভয়াবহ ৰোগৰ সৃষ্টি কৰিব পাৰে। 

    ইতিমধ্যে বিজ্ঞানীসকলে এই ভাইৰাছবিধক মেথুচেলা অণুজীৱৰ প্ৰজাতি বা জম্বী ভাইৰাছ হিচাপে নামকৰণ কৰিছে। লগতে এই প্ৰাচীন ভাইৰাছবিধক পৃথকীকৰণ কৰি নিৰীক্ষণৰ পৰিকল্পনা কৰিছে ।যাৰ সহায়ত এই প্ৰাচীন অণুজীৱবিধৰ দ্বাৰা হব পৰা ৰোগক চিনাক্ত কৰিব পাৰি। 

    লগতে এই ৰোগ সংক্ৰমিত হোৱা লোকসকলৰ বাবে পৃথকীকৰণৰ  ব্যৱস্থা তথা চিকিৎসাৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে। যাতে প্ৰাৰম্ভিকতেই এই ৰোগ ৰোধ কৰিব পাৰি। 

    উল্লেখযোগ্য যে মেৰুৰ পাৰমাফ্ৰষ্ট উত্তৰ গোলাৰ্ধৰ পঞ্চমাংশ সামৰি আছে। আৰু এই দীঘলীয়া সময়ৰ পৰা শূন্যৰ তলৰ উষ্ণতাত আছে। ইয়াৰে কিছুমান তৰপ লাখ লাখ বছৰ ধৰি নিথৰ অৱস্থাত আছে বুলিও বিজ্ঞানীসকলে আবিষ্কাৰ কৰিছে।