ডিজিটেল ডেস্ক : আর্দা গুলাৰে প্ৰথমার্ধত দিয়া গ'লৰ সহায়ত স্পেনিছ লা লীগাৰ শেহতীয়া এখন খেলত গেটাফে এফ চিক ১-০ ব্যৱধানত পৰাজিত কৰে ৰিয়েল মাদ্রিদে। আর্দাই ২১ মিনিটত সোঁ-ভৰিৰ তীব্র শ্বটেৰে ৰিয়েলৰ হৈ দিয়ে বিজয়সূচক গ'লটো।
এই জয়েৰে ৰিয়েল মাদ্রিদে ৩৩খন খেলৰ পৰা ৭২ পইন্ট গোটাই পইন্ট টেবুলৰ দ্বিতীয় স্থানত ৰৈছে। আনহাতে, বার্চিলোনাই ৩৩খন খেলৰ ২৪খনত জয়েৰে ৭৬ পইন্ট গোটাই শীর্ষস্থানত আছে।
ইফালে, চেল্টা ভিগোৰে ৩-০ ব্যৱধানত পঞ্চম স্থানত থকা ভিলাৰিয়েলক হৰুৱাই পইন্ট টেবুলৰ সপ্তম স্থানলৈ আগবাঢ়িছে। ইফালে, (ইনিয়াক) উইলিয়ামছে ৫ মিনিটত দিয়া গ'লৰ জৰিয়তে এটলেটিক বিলবাউরে ১-০ ব্যৱধানত পৰাজিত কৰে লাছ পালমাছক।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment