• বিশ্বকাপ ক্ৰিকেটঃ ধাৰাবাহিকভাৱে দৃঢ় ইনিংছ খেলি আহিছে বাংলাদেশৰ মাহমুদুল্লাহে! অথচ বিশ্বকাপৰ পূৰ্বে অনিশ্চিত আছিল দলত স্থান লাভ!

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ ধাৰাবাহিকভাৱে দৃঢ় ইনিংছ খেলি আহিছে বাংলাদেশৰ মাহমুদুল্লাহে! অথচ বিশ্বকাপৰ পূৰ্বে অনিশ্চিত আছিল দলত স্থান লাভ!
    ডিজিটেল ডেস্কঃ বিশ্বকাপত একেৰাহে পৰাজয়। তাৰ ভিতৰত নতুন বিতৰ্ক মাহমুদুল্লাহক লৈ। মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছত এই বিতৰ্কৰ সৃষ্টি হয়। সংবাদমেলত এই প্ৰশ্ন উত্থাপন হৈছিল, তেওঁক কিয় শীৰ্ষত বেটিং কৰিবলৈ পঠোৱা হোৱা নাই? মাহমুদুল্লাই অৱশ্যে এই বিতৰ্কৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল।

    মাহমুদুল্লাক আঠ, সাত, ছয় নম্বৰত বেটিং কৰিবলৈ পঠিওৱা হৈছে। তেওঁ বাংলাদেশৰ একমাত্ৰ বেটছমেন যিয়ে বিশ্বকাপত ধাৰাবাহিকভাৱে ৰান লাভ কৰি আছে। কিয় তেওঁক ইমান কম বেটিং কৰিবলৈ পঠিওৱা হৈছে? মাহমুদুল্লাই এই বিতৰ্কক লৈ মুখ মেলিবলৈ অস্বীকাৰ কৰিছিল।

    আকৌ এবাৰ বিতৰ্কৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি তেওঁ কয়, “মই খেলপথাৰত ভাল সময় কটাব পাৰিলোঁ। বেটিং ক্ৰমক লৈ মোৰ কোনো কথা নাই। কথা ক'বলৈ মন যোৱা নাই। তাৰোপৰি এতিয়াই এই বিষয়ে কথা পতাৰ উপযুক্ত সময় নহয়।’’

    আফগানিস্তানৰ বিৰুদ্ধে বেটিং কৰাৰ সুযোগ নাপালে। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম একাদশত সুযোগ নাপালে। নিউজিলেণ্ডৰ বিৰুদ্ধে অষ্টম নম্বৰত অপৰাজিত ৪১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ বিৰুদ্ধে ৭ নম্বৰলৈ নামি ৩৬টা বলত ৪৬ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছয় নম্বৰত বেটিং কৰিছিল। অৰ্থাৎ প্ৰশিক্ষক চণ্ডিকা হাতুৰেসিংহে আৰু অধিনায়ক ছাকিব আল হাছানে তেওঁৰ সন্দৰ্ভত দৃঢ় সিদ্ধান্ত ল’ব পৰা নাই।




    এই বিতৰ্ক দমন কৰিবলৈ মাহমুদুল্লাই কয়, বেটিং অৰ্ডাৰৰ কথা মই নাভাবো। ছয় নম্বৰত বেটিং কৰিবলৈ কয় প্ৰশিক্ষকে। মই তালৈ নামি গৈ মোৰ সাধ্য অনুসৰি চেষ্টা কৰিলোঁ।''

    যোৱা মাৰ্চ মাহত ইংলেণ্ডৰ শৃংখলাৰ পিছত মাহমুদুল্লাক ৰাষ্ট্ৰীয় দলৰ পৰা কৰ্তন কৰা হৈছিল। বাংলাদেশৰ প্ৰশিক্ষকে তেওঁক অবিহনে বিশ্বকাপৰ পৰিকল্পনা কৰিছিল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে মাহমুদুল্লাক দলত নথকাৰ প্ৰশ্নৰ স্পষ্ট উত্তৰ দিব নোৱাৰিলে। অৱশেষত তেওঁ বিশ্বকাপৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত সুযোগ লাভ কৰে। সেই ছিৰিজত ৰান পাই মাহমুদুল্লাৰ সন্মুখত বিশ্বকাপৰ দুৱাৰ মুকলি হ’ল।

    এদিনীয়া মেচত মাহমুদুল্লাৰ চাৰিটা শতৰান আছে। বিশ্বকাপত তিনিটা। মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেওঁৰ শেষ শতক। এজন স্বাভাৱিকতে উচ্ছল অভিজ্ঞ বাংলাদেশী বেটছমেন।

    এই সফলতা কোনে উৎসৰ্গা কৰিব? মাহমুদুল্লাই ক’লে, “অৱশ্যেই মই পৰিয়ালৰ সকলো সদস্যক উচৰ্গা কৰিম। বিশেষকৈ যোৱা কেইমাহমানৰ পৰা মোৰ কাষত থকা সকলৰ বাবে উৎসৰ্গিত। তেওঁ মোৰ বাবে প্ৰাৰ্থনা কৰিলে।’’