• আইপিএলঃ ৫১টা বলত ৮৩ ৰান কৰাৰ পাছতে ৰিংকু সিঙক নিজৰ বেটখন উপহাৰ দিলে বিৰাটে, আপ্লুত অনুৰাগী

    ক্ৰীড়া
    আইপিএলঃ ৫১টা বলত ৮৩ ৰান কৰাৰ পাছতে ৰিংকু সিঙক নিজৰ বেটখন উপহাৰ দিলে বিৰাটে, আপ্লুত অনুৰাগী
    ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে নিজৰ বেটখন ৰিংকু সিঙক দি দিলে। শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ এখন খেল অনুষ্ঠিত হয়। সেই মেচখনত আৰ চি বি পৰাস্ত হৈছিল। কেকেআৰৰ জয়ৰ পাছত বিৰাটে বেটখন ৰিংকুৰ হাতত গতাই দিয়ে।

    এই পৰ্যন্ত আই পি এলত ঘৰুৱা খেলপথাৰত খেলা দলটোৱে জয়লাভ কৰিছে। সেই পৰম্পৰা শুকুৰবাৰে ভংগ হ’ল। বেংগালুৰুত ঘৰুৱা ক্ষেত্ৰত বিৰাট দলক পৰাস্ত কৰে কলকাতাই। প্ৰথমে বেটিং কৰি আৰ চি বিয়ে বিৰাটৰ বেটেৰে ১৮২ ৰান সংগ্ৰহ কৰে। কিন্তু ১৯টা বল বাকী থকা অৱস্থাত কলকাতাই বিজয়ী ৰান ল’লে। খেলৰ অন্তত নৈশ দলটো বাংগালুৰুৰ ড্ৰেছিং ৰুমলৈ যায়। সেই ভিডিঅ’টো পোষ্ট কৰিছিল আৰ চি বিয়ে। তাত বিৰাটে ৰিংকুক নিজৰ বেট দিয়া দেখা যায়। ৰিংকুৱে বেটখন পাই সুখী। বিৰাটক সাৱটি ধৰিলে।

    পৰাজয়ৰ পিছতো বিৰাটে বিপক্ষৰ বেটছমেনক বেট দিয়ে। যিয়ে ক্ৰিকেট প্ৰেমীৰ হৃদয় জয় কৰিছে। খেলখনত বিৰাটে ৫১টা বলত ৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতো তেওঁ দললৈ জয় কঢ়িয়াই আনিব নোৱাৰিলে। কে কে আৰৰ হৈ সুনীল নাৰিনে, বৰুণ চক্ৰৱৰ্তীয়ে দ্ৰুত ৰান সংগ্ৰহ কৰি মেচখন জয়ী হয়। মেচখনৰ মেন অৱ দ্য মেচ আছিল নাৰিনে।