• স্কুলীয়া জীৱনত অংক আৰু বিজ্ঞানত গাধা আছিল কিং কোহলী! শ্বেয়াৰ কৰিলে দশম শ্ৰেণীৰ পৰীক্ষাৰ মাৰ্কশ্বিট, চাওক

    ক্ৰীড়া
    স্কুলীয়া জীৱনত অংক আৰু বিজ্ঞানত গাধা আছিল কিং কোহলী! শ্বেয়াৰ কৰিলে দশম শ্ৰেণীৰ পৰীক্ষাৰ মাৰ্কশ্বিট, চাওক
    ডিজিটেল ডেস্কঃ ক্ৰিকেট খেলপথাৰত ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে বিৰাট কোহলীয়ে। কিন্তু স্কুলীয়া ছাত্ৰ হিচাপে পঢ়া-শুনাত কেনে আছিল বিৰাট?  শেহতীয়াকৈ কিং কোহলীয়ে তেওঁৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰ শ্বীটৰ ছবিখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। তাৰপাছতে মাৰ্কশ্বীটখন ভাইৰেল হৈ পৰিছে।

    বিৰাট কোহলীয়ে Qu app ত মুকলি কৰিছে দশম শ্ৰেণীৰ মাৰ্কশ্বীটখন। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে চিবিএছইৰ ব’ৰ্ড পৰীক্ষাত ভাল নম্বৰেৰেই উত্তীৰ্ণ হৈছিল। 

    বিৰাটে মাৰ্ক শ্বীটৰ সৈতে এটা অৰ্থপূৰ্ণ কেপচন লিখিছে। তেওঁ লিখিছে- “মোৰ মাৰ্ক শ্বীটত যিবোৰ কথা উল্লেখ কৰা হোৱা নাই,  সেইবোৰে মোৰ চৰিত্ৰ গঢ় দিয়াত আটাইতকৈ ডাঙৰ ভূমিকা লৈছে। যথেষ্ট ধেমেলীয়া নহয়নে?”



    স্কুলীয়া পঢ়া-শুনাৰ সমান্তৰালকৈ ক্ৰীড়াকো সমানে গুৰুত্ব দিব লাগে বুলি দাবী কৰিছে কিং কোহলীয়ে।

    ২০০৪ চনত বিৰাটে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইংৰাজীত তেওঁ সৰ্বোচ্চ ৮৩ নম্বৰ লাভ কৰিছিল। হিন্দীতো পাইছিল ৭৫ নম্বৰ। কিন্তু গণিত আৰু বিজ্ঞানত গাধা আছিল কোহলী। সেই দুটা বিষয়ত তেওঁ ক্ৰমে ৫১ আৰু ৩২ নম্বৰহে লাভ কৰিছিল।