• আন এক অভিলেখ গঢ়িলে লিঅ’নেল মেছিয়ে! ১০০টা আন্তঃৰাষ্ট্ৰীয় গ’লৰ ক্লাবত সোমাল বিশ্বকাপজয়ী তাৰকাগৰাকী

    ক্ৰীড়া
    আন এক অভিলেখ গঢ়িলে লিঅ’নেল মেছিয়ে! ১০০টা আন্তঃৰাষ্ট্ৰীয় গ’লৰ ক্লাবত সোমাল বিশ্বকাপজয়ী তাৰকাগৰাকী
    ডিজিটেল ডেস্কঃ দেশৰ জাৰ্চিত পুনৰ উজ্জ্বলি উঠিল লিয়নেল মেছি। দেশৰ মাটিত চলি থকা দ্বিতীয়খন প্ৰদৰ্শনীমূলক মেচতো তেওঁৰ শক্তি দেখা গ’ল। কুৰাছাৱাৰ বিৰুদ্ধে প্ৰদৰ্শনীমূলক খেলখনত তেওঁ হেট্ৰিক অৰ্জন কৰে। ইয়াৰ লগে লগে মেছিয়ে এক নজিৰ গঢ়ি তুলিলে। দেশৰ জাৰ্চিত ১০০টা গ’ল দিয়ে ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰগৰাকীয়ে।

    বিশ্বৰ তৃতীয়জন ফুটবলাৰ হিচাপে তেওঁ এই নজিৰ গঢ়ে। তালিকাৰ প্ৰথম স্থানত আছে ক্রিষ্টিয়ানো ৰোনাল্ডো। তেওঁৰ পিছত ইৰাণৰ আলী দেই। মেছিয়ে দুয়োজন ফুটবলাৰক স্পৰ্শ কৰিলে।

    বুধবাৰে পুৱাৰ খেলখনত আৰ্জেণ্টিনাই কুৰাচাওক ৭-০ গ’লত পৰাস্ত কৰে। খেলখনৰ ২০ মিনিটৰ অন্তত মেচখনৰ প্ৰথমটো গ’ল আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ১০০তম গ’লটো দিয়ে মেছিয়ে। পেনাল্টি বক্সৰ ভিতৰত জিওভানি ল’ৱে চেলছ’ৰ পাছ লাভ কৰে। ইয়াৰ পিছত কুৰাছাৱাৰ দুজন ডিফেণ্ডাৰক পৰাস্ত কৰি বলটো নেটত সোমাই দিয়ে।

    মেচখনত দুৰ্বল কুৰছাৱাৰ বিৰুদ্ধে আৰ্জেণ্টিনাই আধিপত্য বিস্তাৰ কৰে। প্ৰথমাৰ্ধতে মেছিয়ে হেট্ৰিক অৰ্জন কৰে। অৱশ্যে দ্বিতীয়াৰ্ধত আৰ্জেণ্টিনাক অলপ লঘু খেলা দেখা গ’ল। দ্বিতীয়াৰ্ধত এটা গ’ল দিয়ে দলটোৱে।

    মেচৰ পিছত প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে কয় যে তেওঁলোকে কুৰাচাওক সহজভাৱে ল’ব নিবিচাৰে। ৭টা গ’ল দিয়াৰ পাছতো তেওঁ ভাবে যে অনাগত দিনত আৰ্জেণ্টিনাই অধিক উন্নতি কৰিব লাগিব।

    উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ৰোনাল্ডোৰ নামত ১২২টা গ’ল আছে। আলীয়ে ১০৯টা গ’ল দিছে। মেছিৰ নামত এতিয়া ১০২টা গ’ল আছে।