ডিজিটেল ডেস্ক : শুকুৰবাৰে আই পি এলত চি এছ কে আৰু হায়দৰাবাদৰ মাজত এখন খেল অনুষ্ঠিত হয়। এই খেলত হায়দৰাবাদে ৫ উইকেটত জয়লাভ কৰে। ইয়াৰ লগে লগে দলটোৰ অন্যতম শ্ৰেষ্ঠ বলাৰ মহম্মদ ছামীয়ে ইতিহাসত নিজৰ নাম সন্নিবিষ্ট কৰিছে।প্ৰথম বলত ৰছিদৰ উইকেট দখল কৰি খেলুৱৈগৰাকীয়ে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।
আই পি এলত প্ৰথম বলত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হৈ পৰিছে তেওঁ। এই পৰ্যন্ত আই পি এলৰ এখন খেলৰ প্ৰথম বলত চাৰিবাৰকৈ এটা উইকেট দখল কৰিছে ছামীয়ে। ২০১৪, ২০২২, ২০২৩ আৰু এতিয়া ২০২৫ চনত খেলখনৰ প্ৰথমটো বলত এটা উইকেট দখল কৰিছে খেলুৱৈগৰাকীয়ে।
এই তালিকাত আৰু দুজন ভাৰতীয় বলাৰৰ নাম সন্নিবিষ্ট কৰা হৈছে। য’ত ভুৱনেশ্বৰ কুমাৰে এই কৃতিত্ব দুবাৰকৈ অৰ্জন কৰিছে। ২০১৩ চনত কুছাল পেৰেৰা আৰু ২০২৩ চনত প্ৰভসীমৰণ সিঙৰ উইকেট লয় ভুৱনেশ্বৰ কুমাৰে ।আনহাতে উমেশ যাদৱেও এই কৃতিত্ব দুবাৰ অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে ২০১৭ চনত ক্ৰীছ গেইল আৰু ২০১৮ চনত সূৰ্য্যকুমাৰ যাদৱক আউট কৰিছিল।ইয়াৰ বাহিৰেও নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্টে দুবাৰকৈ উইকেট দখল কৰিছিল। ২০২৩ চনত বিৰাট কোহলী আৰু ২০২০ চনত মাৰ্কাছ ষ্ট’ইনিছক আউট কৰিছিল খেলুৱৈগৰাকীয়ে।
Leave A Comment