• এছিয়া কাপ খেলিবলৈ ভাৰত নাযায়, সেয়ে ভাৰতত অনুষ্ঠিত হ’বলগা এদিনীয়া বিশ্বকাপ খেলিবলৈও পাকিস্তানে প্ৰকাশ কৰিছে অনিচ্ছা

    ক্ৰীড়া
    এছিয়া কাপ খেলিবলৈ ভাৰত নাযায়, সেয়ে ভাৰতত অনুষ্ঠিত হ’বলগা এদিনীয়া বিশ্বকাপ খেলিবলৈও পাকিস্তানে প্ৰকাশ কৰিছে অনিচ্ছা
    ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। এইবাৰ পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও সিদ্ধান্ত ল’বলৈ ওলাইছে যে এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ দল পঠিয়াব বিচৰা নাই। নিৰপেক্ষ দেশত খেলিব বিচাৰে।

    এই অনুসৰি পাকিস্তানৰ মেচসমূহ বাংলাদেশত হ’ব পাৰে। কিন্তু বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ বৈঠকত এনে প্ৰস্তাৱ দিব পাৰে। যিহেতু ভাৰতে এছিয়া কাপ খেলিবলৈ সেই দেশলৈ নাযায়, সেয়েহে তেওঁলোকেও ভাৰতলৈ আহি এদিনীয়া বিশ্বকাপ খেলিব নিবিচাৰে। ইতিমধ্যে পাকিস্তান কৰ্তৃপক্ষই তেওঁলোকৰ আপত্তি সম্পৰ্কে আইচিচিক অৱগত কৰিছে।

    উল্লেখ্য যে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা কেইবাবছৰ ধৰি বন্ধ হৈ আছে। দুয়োখন দেশৰ বিৰুদ্ধে কেৱল আই চি চি বা বহু দলীয় প্ৰতিযোগিতাতহে খেলে। এইবাৰ সেইটোতো সমস্যা হৈছে। কাৰণ পৰৱৰ্তী এছিয়া কাপৰ আয়োজক পাকিস্তান। আনহাতে পৰৱৰ্তী এদিনীয়া বিশ্বকাপ পুনৰ আয়োজন কৰিব ভাৰতে।

    যোৱা টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কৈছিল যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। নিৰপেক্ষ দেশত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

    এছিয়ান ক্ৰিকেট কাউন্সিলে এছিয়া কাপত ভাৰতীয় দলটোৱে ক’ত খেলিব সেই কথা এতিয়াও ঘোষণা কৰা নাই। কিন্তু ভাৰতৰ মেচবোৰ আন কোনোবা এখন দেশত খেলাটো নিশ্চিত। এদিনীয়া বিশ্বকাপৰ সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও একে স্থিতি গ্ৰহণ কৰিছে।