• কোনো বেটাৰৰ শতক অবিহনেই বৃহৎ ৰাণ! টেষ্ট ক্ৰিকেটত বাংলাদেশৰ বিৰুদ্ধে অভিলেখ শ্ৰীলংকাৰ

    ক্ৰীড়া
    কোনো বেটাৰৰ শতক অবিহনেই বৃহৎ ৰাণ! টেষ্ট ক্ৰিকেটত বাংলাদেশৰ বিৰুদ্ধে অভিলেখ শ্ৰীলংকাৰ
    ডিজিটেল ডেস্কঃ প্ৰথম দিনাই শ্ৰীলংকাই স্পষ্ট কৰি দিলে যে তেওঁলোকে ডাঙৰ ৰান কৰিব। দেওবাৰে টেষ্টৰ দ্বিতীয় দিনা শ্ৰীলংকাৰ ইনিংছ শেষ হয় ৫৩১ ৰানত। কিন্তু কোনো বেটছমেনৰ শতক নাই।

    বেটাৰৰ শতক অবিহনে ৫২৪ ৰানৰ ইনিংছ ইমান দিনে শীৰ্ষত আছিল নিউজিলেণ্ডৰ। সেই অভিলেখ ভংগ কৰিলে শ্ৰীলংকাই। বাংলাদেশৰ বিৰুদ্ধে শ্ৰীলংকাৰ হৈ সৰ্বাধিক ৰান লাভ কৰে কুশল মেণ্ডিছে। তেওঁ ৯৩ ৰান সংগ্ৰহ কৰে। কামিন্দু মেণ্ডিছে ৯২ ৰান সংগ্ৰহ কৰে। মুঠ ছয়জনে পঞ্চাশৰ দশক লাভ কৰে। মেণ্ডী দুগৰাকীৰ উপৰিও ডিমুথ কৰুণাৰত্নে (৮৬), ধনঞ্জয় দে ছিলভা (৭০), দীনেশ চাণ্ডিমাল (৫৯) আৰু নিশান মদুশংক (৫৭) ৰান লাভ কৰে। শ্ৰীলংকাই ১৫৯ অভাৰত ৫৩১ ৰান সংগ্ৰহ কৰে।

    এই মেচত দললৈ ঘূৰি আহিছিল ছাকিব আল হাছান। তিনিটা উইকেট দখল কৰে। হাছান মেহমুদে ২টা উইকেট দখল কৰে। খালেদ আহমেদ আৰু মেহদি হাছান মিৰাজৰ এটাকৈ উইকেট। শ্ৰীলংকাৰ তিনিজন ক্ৰিকেটাৰ ৰান আউট হয়।

    প্ৰত্যুত্তৰত বেটিং কৰি বাংলাদেশে দ্বিতীয় দিনৰ শেষত ৫৫ ৰানত এটা উইকেট হেৰুৱাই পেলায়। ৪২টা বলত ২১ ৰান সংগ্ৰহ কৰি আউট হয় অ’পেনাৰ মেহমুদুল হাছান জয়। আন এজন অ’পেনাৰ জাকিৰ হাছানে ২৮ ৰানত অপৰাজিত। টাইজুল ইছলাম তেওঁৰ লগত আছে।