• বিশ্বকাপ ক্ৰিকেটঃ এছিয়া কাপৰ ফৰ্মত নাই মহম্মদ ছিৰাজ! আফগানিস্তানৰ বিৰুদ্ধে গঢ়িলে লজ্জাজনক বলিঙৰ অভিলেখ, কি?

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ এছিয়া কাপৰ ফৰ্মত নাই মহম্মদ ছিৰাজ! আফগানিস্তানৰ বিৰুদ্ধে গঢ়িলে লজ্জাজনক বলিঙৰ অভিলেখ, কি?
    ডিজিটেল ডেস্ক বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ দূৰ্দান্ত বিজয়ৰ মাজতে মহম্মদ ছিৰাজে সৃষ্টি কৰিলে এক লজ্জাজনক নজিৰ। হায়দৰাবাদৰ ক্ৰিকেটাৰগৰাকীয়ে বিশ্বকাপত ভাৰতীয় বলাৰৰ ভিতৰত চতুৰ্থ সৰ্বাধিক খৰচী বলিং কৰে।

    বিশ্বকাপত এছিয়া কাপৰ ফৰ্মত দেখা পোৱা হোৱা নাই ছিৰাজক। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত এটা উইকেট লাভ কৰাৰ পিছতো তেওঁ ভাল প্ৰদৰ্শন নকৰিলে। আৰু বুধবাৰে তেওঁ আফগানিস্তানৰ বিৰুদ্ধে এক লজ্জাজনক নজিৰ গঢ়ি তুলিছিল। আজিৰ দিনটোতে ছিৰাজে ৯ অভাৰত ৭৬ ৰান সংগ্ৰহ কৰে। তেওঁ প্ৰতি অভাৰত ৮.৪৪ ৰান খৰচ কৰে। যিটো বিশ্বকাপত ভাৰতীয় দলৰ চতুৰ্থ সৰ্বনিকৃষ্ট বলিং প্ৰদৰ্শন।

    বিশ্বকাপত ভাৰতীয়ৰ ভিতৰত যুজবেন্দ্ৰ চাহালৰ বলিঙৰ অভিলেখ আটাইতকৈ বেয়া। ২০১৯ৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ১০ অভাৰত ৮৮ ৰান খৰচ কৰিছিল চাহালে। কোনো উইকেট লোৱা নাই। তেওঁ প্ৰতি অভাৰত ৮.৮৮ ৰান খৰচ কৰে। এই তালিকাত চাহালৰ পিছতে আছে জাভাগল শ্ৰীনাথ। ২০০৩ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত তেওঁ ১০ অভাৰত ৮৭ ৰান খৰচ কৰিছিল। এটাও উইকেট নাপালে। সেই মেচখনত শ্ৰীনাথে প্ৰতি অভাৰত গড়ে ৮.৭০ ৰান সংগ্ৰহ কৰিছিল। এই তালিকাত তৃতীয় স্থানত আছে কাৰ্ছন ঘাউৰী। ১৯৭৫ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ১১ অভাৰত ৮৩ ৰান খৰচ কৰিছিল। অৱশ্যে তেওঁ অভাৰ মেডেন লৈছিল। ঘৌৰীয়ে প্ৰতি অভাৰত ৭.৫৪ ৰান খৰচ কৰে।

    ঘৌৰীৰ পিছত আছিল বুধবাৰে ছিৰাজৰ বলিং। অধিক ৰান খৰচৰ ক্ষেত্ৰত তেওঁ চতুৰ্থ স্থানত আছে। বিশ্বকাপৰ আৰম্ভণিতে তেওঁ আইচিচিৰ এদিনীয়া বলাৰ ৰেংকিঙৰ শীৰ্ষত আছিল। প্ৰথমখন মেচত দুৰ্বল প্ৰদৰ্শনৰ বাবে দ্বিতীয় স্থানলৈ নামি আহিছিল। পাকিস্তানৰ মেচত যদি তেওঁ ভাল প্ৰদৰ্শন নকৰে তেন্তে তেওঁ আৰু অধিক তললৈ যাব পাৰে।