• ব’ল্ট, যুৱৰাজৰ পাছত আফ্ৰিদীঃ টি২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ল শ্বাহিদ আফ্ৰিদী

    ক্ৰীড়া
    ব’ল্ট, যুৱৰাজৰ পাছত আফ্ৰিদীঃ টি২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ হ’ল শ্বাহিদ আফ্ৰিদী
    ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সৰ্বোচ্চ শাসকীয় সংস্থা আইচিচিয়ে ডাঙৰ দায়িত্ব দিছে শ্বাহিদ আফ্ৰিদিক। তেওঁক টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰ পূৰ্বে উছাইন ব’ল্ট আৰু যুৱৰাজ সিঙে এই দায়িত্ব লাভ কৰিছিল।

    টি-২০ত পাকিস্তানৰ সফলতাৰ আঁৰত আফ্ৰিদীয়ে ডাঙৰ ভূমিকা পালন কৰিছে। ২০০৭ চনত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দলটোৰ অংশ আছিল তেওঁ। সেইবাৰৰ ফাইনেলত ভাৰতৰ হাতত পৰাস্ত হ’লেও আফ্ৰিদি প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ আছিল। পিছৰবাৰ পাকিস্তানৰ টি-২০ বিশ্বকাপ বিজয়ী দলতো আছিল আফ্ৰিদি। সেইবাৰ তেওঁ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা আৰু ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে মেন অৱ দ্য মেচ আছিল।

    নতুন দায়িত্বত সুখী আফ্ৰিদি। তেওঁ কয়, ‘টি-২০ বিশ্বকাপ মোৰ অতি ওচৰত। প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হৈ পৰিলোঁ। পিছৰবাৰ ট্ৰফী জিকিলোঁ। টি-২০ত মোৰ কিছুমান শ্ৰেষ্ঠ ইনিংছ খেলিছিলো। খেলখনৰ ছবিখন প্ৰতি বছৰে সলনি হৈ আহিছে। এতিয়া টি-২০ত বহুত যুঁজ হৈছে। গতিকে খেলখন অধিক কঠিন হৈ পৰিছে।"