• বিশ্বকাপ ক্ৰিকেটঃ শহুৰেক শ্বাহিদ আফ্ৰিদীক অতিক্ৰমিলে শ্বাহীন আফ্ৰিদীয়ে! পিচ পেলালে ছোৱেইব আখটাৰকো! কি অভিলেখ গঢ়িলে স্পীডষ্টাৰগৰাকীয়ে?

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ শহুৰেক শ্বাহিদ আফ্ৰিদীক অতিক্ৰমিলে শ্বাহীন আফ্ৰিদীয়ে! পিচ পেলালে ছোৱেইব আখটাৰকো! কি অভিলেখ গঢ়িলে স্পীডষ্টাৰগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ বিশ্বকাপত পাকিস্তানৰ হৈ অভিলেখ গঢ়িলে শ্বাহীন শ্বাহ আফ্ৰিদীয়ে। বাংলাদেশৰ বিৰুদ্ধে ৩টা উইকেট দখল কৰি শহুৰেক শ্বাহিদ আফ্ৰিদিক চেৰ পেলায়। তাৰ সমান্তৰালকৈ পাকিস্তানৰ আন এজন প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰকো অভাৰটেক কৰিছে শ্বাহীনে।

    বাংলাদেশৰ তাঞ্জিদ হাছান, নাজমুল হোছেইন শান্তো আৰু মাহমুদুল্লাক বৰ্খাস্ত কৰে শ্বাহিনে। ফলত চলিত বিশ্বকাপত ৭খন মেচত ১৬টা উইকেট লাভ কৰিছে। এই প্ৰতিযোগিতাত তেওঁ উইকেটৰ তালিকাত শীৰ্ষস্থান দখল কৰে।

    বিশ্বকাপত পাকিস্তানৰ হৈ এতিয়ালৈকে শ্বহীনে ৩২টা উইকেট দখল কৰিছে। শহুৰেক আফ্ৰিদিৰ উইকেটৰ সংখ্যা আছিল ৩০। বিশ্বকাপত পাকিস্তানৰ হৈ আখতাৰেও ৩০টা উইকেট দখল কৰিছিল। মঙলবাৰে দুয়োকে পৰাস্ত কৰে শ্বাহীনে।

    বিশ্বকাপত পাকিস্তানৰ উইকেটৰ তালিকাত এতিয়া চতুৰ্থ স্থানত আছে শ্বাহীন। তালিকাৰ শীৰ্ষত আছে ৱাছিম ​​আক্ৰাম। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বিশ্বকাপত ৫৫টা উইকেট দখল কৰিছে। দ্বিতীয় স্থানত আছে ৱাহাব ৰিয়াজৰ ৩৫টা উইকেট। তৃতীয় স্থানত আছে ইমৰাণ খান। পাকিস্তানৰ একমাত্ৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে ৩৪টা উইকেট দখল কৰিছে।