ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে আই পি এল চেম্পিয়ন হ’ল কলকাতা নাইট ৰাইডাৰ্ছ। ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি জয়লাভ কৰে। কলকাতাৰ জয়ৰ পাছত খেলপথাৰত আৰম্ভ হ’ল উল্লাস। পথাৰৰ মাজতে শ্ৰেয়াছে বেংকটেশক সাৱটি ধৰিলে। খেলপথাৰত দৌৰি গ’ল ৰিংকু সিং, হৰ্ষিত ৰানা। সহায়কাৰী কৰ্মচাৰীসকলো উত্তেজনাত আপ্লুত হৈ পৰিছিল। শ্বাহৰুখ খানও পৰিয়ালৰ সৈতে খেলপথাৰলৈ নামি আহিছিল। কে কে আৰৰ প্ৰতিখন মেচৰ পিছত শ্বাহৰুখে খেলপথাৰত ঘূৰি ফুৰে। এইবাৰ জয়ী হোৱাৰ পাছত ল’ৰা-ছোৱালীয়ে পত্নীৰ সৈতে খেলপথাৰখন ঘূৰি ফুৰি দৰ্শকক ধন্যবাদ জনায়।
অৱশ্যে ইমান আনন্দৰ মাজতে চকুলো বৈ আহিল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ দলৰ স্বত্বাধিকাৰী কাব্যা মৰাণৰ। কাব্যই থিয় হৈ কলকাতাৰ বিজয়ক শুভেচ্ছা জনোৱাৰ সময়তো চকুলো টুকিব নোৱাৰিলে। তাকে দেখি অমিতাভ বচ্ছনৰ হৃজয় চুই গ’ল। শ্বাহৰুখৰ জয় নহয়, কিন্তু কাব্যৰ পৰাজয় অমিতাভৰ কাষত থিয় দিলে!
কাব্যাৰ চকুপানী দেখি অভিনেতাগৰাকীয়ে লিখিছে, ‘যদিও কেকেআৰে তেওঁলোকে বিচৰা জয় লাভ কৰিলে, হায়দৰাবাদৰ পৰাজয়ত মই হতাশ, কাৰণ তেওঁলোকে আৰম্ভণিৰে পৰাই ভাল খেলিছিল। আটাইতকৈ বেয়া কথাটো হ’ল, হায়দৰাবাদ হেৰুৱাৰ পিছত মিঠা ছোৱালীজনীৰ চকুত চকুলো দেখা পালোঁ, কেমেৰাৰ ফালে মুখ ঘূৰাই চকুপানী মচি পেলালে। তেওঁক দেখি মোৰ বৰ বেয়া লাগে। কিন্তু ভাঙি নাযাব আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিব।’’
Leave A Comment