• বিশ্বকাপ ক্ৰিকেটঃ ডাচ্ছ বাহিনীৰ বিৰুদ্ধে অভিলেখসংখ্যক ব্যৱধানত বিজয় কেংগাৰু বাহিনীৰ! বেটে-বলে দমনীয় প্ৰদৰ্শন অষ্ট্ৰেলিয়াৰ

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ ডাচ্ছ বাহিনীৰ বিৰুদ্ধে অভিলেখসংখ্যক ব্যৱধানত বিজয় কেংগাৰু বাহিনীৰ! বেটে-বলে দমনীয় প্ৰদৰ্শন অষ্ট্ৰেলিয়াৰ
    ডিজিটেল ডেস্কঃ পুনৰ বিজয়ৰ দিশে উভটি আহিছে অষ্ট্ৰেলিয়া। ক্ৰমাগতভাৱে দুখনকৈ মেচত জয়ী হৈ এইবাৰ নেদাৰলেণ্ডৰ বিৰুদ্ধেও জয়ী হ’ল পাঁচবাৰৰ বিশ্বকাপজয়ী দলটো। বিশ্বকাপৰ ২৪ সংখ্যক মেচত ডাচ্ছ বাহিনীক পৰাস্ত কৰে ৩১০ ৰাণৰ ব্যৱধানত।

    দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত টছত জয়ী হৈ প্ৰথমে বেটিং কৰে অষ্ট্ৰেলিয়াই। ব্যৰ্থ হয় অপেনাৰ মিচেল মাৰ্শ্ব (৯)। কিন্তু পুনৰ শতক অৰ্জন কৰে ডেভিড ৱাৰ্ণাৰে। ৯৩ টা বলত কৰে ১০৪ ৰাণ। মিডল অৰ্ডাৰত ষ্টিভ স্মিথে ৭১ আৰু মাৰ্নাছ লাবুচানেই ৬২ ৰাণ কৰে।

    কিন্তু আটাইতকৈ চকুত লগা ইনিংছটো আছিল গ্লেন মেক্সৱেলৰ। মেক্সেৱেলে মাত্ৰ ৪৪ টা বলতে ১০৬ ৰাণ সংগ্ৰহ কৰি বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে বিবেচিত হয়। অষ্ট্ৰেলিয়াৰ বেটাৰসকলৰ বেটিং বিক্ৰমৰ ফলতে আঠ উইকেটত ৩৯৯ ৰাণ সংগ্ৰহ কৰে।

    নেদাৰলেণ্ডৰ বাছ ডি লিডে ১০ অভাৰত ১১৫ ৰাণ খৰচ কৰি দুটা উইকেট দখল কৰে। আনহাতে,  লগান ভান বিকে চাৰিটা উইকেট দখল কৰে।

    ৪০০ ৰাণৰ অসম্ভৱ লক্ষ্য আগত লৈ কেংগাৰু বাহিনীৰ আগত আত্মসমৰ্পন কৰে নেদাৰলেণ্ডে। আৰম্ভণিৰে দমন অব্যাবত ৰাখে অষ্ট্ৰেলিয়ান বলাৰসকলে। অপেনাৰ বিক্ৰমজীত সিঙ (২৫)-ৰ বাদে আন কোনো বেটাৰে ২০ৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰিলে। মাত্ৰ ৯০ ৰাণতে শেষ হয় ডাচ্চ বাহিনীৰ স্ক’ৰ।

    বেটিঙৰ পাছত বলিঙেৰেও ডাচ্ছ বাহিনীক ধৰাসায়ী কৰাৰ মূলতে ফাষ্ট বলাৰসকৰ উপৰিও অষ্ট্ৰেলিয়ান স্পিনাৰসকলৰ দূৰ্দান্ত বলিং। আডম ঝাম্পাই তিনি অভাৰত ৮ ৰাণ দি চাৰিটা উইকেট দখল কৰাৰ উপৰিও মিচেল মাৰ্শ্বে দুটা উইকেট দখল কৰে।

    উল্লেখ্য যে শেহতীয়াকৈ নেদাৰলেণ্ডে দক্ষিণ আফ্ৰিকাৰ দৰে দলক পৰাস্ত কৰি চমক সৃষ্টি কৰিছিল। আনহাতে, অষ্ট্ৰেলিয়াই বিশ্বকাপত আশানুৰূপ আৰম্ভণি ঘটাব পৰা নাছিল। কিন্তু ক্ৰমাগত বিজয়ে পুনৰ স্থিতি সজীৱ কৰি তুলিলে কেংগাৰু বাহিনীক।