• বিশ্ব ক্ৰিকেটত টুটি আহিছে অষ্ট্ৰেলিয়াৰ দমনীয়তা! শোচনীয় পৰাজয় ঘটিল দক্ষিণ আফ্ৰিকাৰ হাতত, ডি ককৰ শতকৰ ধাৰা অব্যাহত

    ক্ৰীড়া
    বিশ্ব ক্ৰিকেটত টুটি আহিছে অষ্ট্ৰেলিয়াৰ দমনীয়তা! শোচনীয় পৰাজয় ঘটিল দক্ষিণ আফ্ৰিকাৰ হাতত, ডি ককৰ শতকৰ ধাৰা অব্যাহত
    ডিজিটেল ডেস্কঃ ক্ৰমশঃ দৰ্পচূৰ্ণ হৈছে অষ্ট্ৰেলিয়াৰ। সাধাৰণতে ক্ৰিকেট বিশ্বকাপ আৰু কেংগাৰু বাহিনীৰ দপদপনি সমাৰ্থক শব্দ হৈ পৰিছিল। কিন্তু চলিত বিশ্বকাপত ভাৰতৰ হাতত প্ৰথমখন মেচত পৰাস্ত হোৱাৰ পাছত এইবাৰ দক্ষিণ আফ্ৰিকাৰ হাততো শোচনীয় পৰাজয় ঘটিছে পেট কামিনছ বাহিনীৰ।

    লক্ষ্নৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ দশমখন মেচত টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই।  কুইণ্ট ডি কক (১০৯), এইডেন মাৰ্ক্ৰাম (৫৬)ৰ দূৰ্দান্ত বেটিঙেৰে ৭ উইকেটত ৩১১ ৰাণ সংগ্ৰহ কৰে দক্ষিণ আফ্ৰিকাই। তেওঁলোকৰ উপৰিও শীৰ্ষক্ৰমৰ আটাইকেওজন বেটাৰে ৩০ আৰু ২০ৰ ৰাণসংখ্যা অতিক্ৰম কৰে। উল্লেখ্য যে উইকেটৰক্ষক ডি ককৰ ক্ৰমাগতভাৱে এইটো দ্বিতীয়টো শতক। অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱালে ২টাকৈ উইকেট দখল কৰে।

    ৩১২ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই আৰম্ভণিৰে পৰা মুখ ঠেকেচা খায়। মাৰনাছ লাবুচানে (৪৬)ৰ বাদে শীৰ্ষ ক্ৰম আৰু মিডল অৰ্ডাৰৰ কেওজন বেটাৰেই ব্যৰ্থ হয়। দূৰ্দান্ত ফৰ্মত দেখা নগ’ল ষ্টিভ স্মিথ, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, ডেভিড ৱাৰ্নাৰৰ দৰে বাঘা বাঘা বেটাৰসকলক। ইনিংছৰ শেষৰফালে টেইল এণ্ডাৰ মিচেল ষ্টাৰ্ক (২৭) আৰু পেট কামিন্স (২২)য়ে কিছু স্থিৰতা দেখুৱাইছিল যদিও সেয়া সান্তনাসূচক। এটা সময়ত অষ্ট্ৰেলিয়াৰ স্ক’ৰ আছিল ৭০ ৰাণত ৬ উইকেট। কিন্তু মিচেল ষ্টাৰ্ক আৰু লাবুচানেই কিছু স্থিৰতা আনে।

    অষ্ট্ৰেলিয়াৰ এই দূৰ্দশাৰ মূলতে আছিল দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ দূৰ্দান্ত বলিং। কাগিছ’ ৰাবাদাই তিনিটা উইকেট লাভৰ বপিৰীতে তাব্ৰিজ চামছি, কেশৱ মহাৰাজ আৰু মাৰ্ক’ জেনচেনে দুটাকৈ উইকেট লাভ কৰে। আঠ অভাৰত মাত্ৰ ১৮ ৰাণ খৰচ কৰি এটা উইকেট লাভ কৰে লুঙী এনগিডি।

    উল্লেখ্য যে বিশ্বকাপত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হোৱা মেচসমূহ সদায়েই ৰোমাঞ্চকৰ হৈ আহিছে। ১৯৯৯ চনৰ বিশ্বকাপতো এই ৰোমাঞ্চ দেখা গৈছিল। সাধাৰণতে অষ্ট্ৰেলিয়ায়েই এইসমূহত বিজয়ী হৈ আহিছে। কিন্তু এইবাৰ দৰ্পচূৰ্ণ হ’ল কেংগাৰু বাহিনীৰ।