• কাটাৰত অভব্য আচৰণৰ বলি হ’ল ব্ৰাজিলৰ এইগৰাকী মহিলা সাংবাদিক, সোধা হৈছিল অবান্তৰ প্ৰশ্ন! সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ

    ক্ৰীড়া
    কাটাৰত অভব্য আচৰণৰ বলি হ’ল ব্ৰাজিলৰ এইগৰাকী মহিলা সাংবাদিক, সোধা হৈছিল অবান্তৰ প্ৰশ্ন! সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ
    ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত অভব্য আচৰণৰ বলি হৈছে এগৰাকী মহিলা সাংবাদিক। ব্ৰাজিলৰ এইগৰাকী সাংবাদিকৰ নাম ইচাবেল ক’ষ্টা। ব্ৰাজিল দলৰ সংবাদ যোগান ধৰিবলৈ কাটাৰলৈ আহিছে তেওঁ।

    কিন্তু কাটাৰত ভৰি থোৱাৰ মাত্ৰকে তেওঁক কিছুসংখ্যক লোকে অনুসৰণ কৰিছে। তদুপৰি তেওঁক লক্ষ্য কৰি আপত্তিজনক মন্তব্যও কৰা হৈছে।

    শেহতীয়াকৈ সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰিছে যে ব্ৰাজিল-কেমেৰুণৰ মেচখনৰ সময়ত কেইগৰাকীমান লোকে তেওঁক এটা অবান্তৰ প্ৰশ্ন সুধিছে। প্ৰশ্নটো হৈছে- তেওঁ পৰ্ণ ছৱিত অভিনয় কৰে নেকি?

    তাৰপাছতে ক্ষোভত ফাটি পৰিছে সাংবাদিকগৰাকী। সামাজিক মাধ্যমযোগে সমগ্ৰ কাণ্ডটোৰ বিষয়ে তেওঁ অৱগত কৰিছে। যিকেইগৰাকী ব্যক্তিয়ে তেওঁক অনুসৰণ কৰিছিল, তেওঁলোকৰ ভিডিঅ’ও সাংবাদিকগৰাকীয়ে শ্বেয়াৰ কৰিছে।

    “এয়াই প্ৰথম বা দ্বিতীয় নহয়। কাটাৰত পদাৰ্পণ কৰাৰ পাছতে মোক অনুসৰণ কৰা হৈছে, মোৰ ছৱি তোলা হৈছে। শুক্ৰবাৰে যেতিয়া মেচ চাবলৈ গৈছিলো, মোৰ ছৱি দুজন লোকে তুলিছিল। মোৰ ভিডিঅ’ও কৰা হৈছিল। তাৰপাছতে মোক সুধা হয় যে মই পৰ্ণ ছৱিত অভিনয় কৰো নেকি?”- সাংবাদিকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে।

    উল্লেখ্য যে বিশ্বকাপ আৰম্ভণিৰ পৰাই কাটাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ স’তে নতুনকৈ যোগ হ’ল ব্ৰাজিলৰ সাংবাদিকগৰাকীক কেন্দ্ৰ কৰি হোৱা এই ঘটনাটো।