• বাংলা ভাষাও বুজি পায় মহেন্দ্ৰ সিং ধোনীয়ে! সোঁৱৰণ কৰিলে বাংলাদেশৰ বিৰুদ্ধে এখন মেচত হোৱা এটা সৰু ঘটনাৰ কথা

    ক্ৰীড়া
    বাংলা ভাষাও বুজি পায় মহেন্দ্ৰ সিং ধোনীয়ে! সোঁৱৰণ কৰিলে বাংলাদেশৰ বিৰুদ্ধে এখন মেচত হোৱা এটা সৰু ঘটনাৰ কথা
    ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনিয়ে কেৱল হিন্দীয়েই নহয়, বাংলাও বুজি পায়। শেহতীয়াকৈ এটা ভিডিঅ’ত ধোণীয়ে কয়, “মই খৰগপুৰত কাম কৰাৰ সময়ত মই বাংলা ভাষাত কথা কৈছিলো। এতিয়া ক’লে অৱশ্যে ভুল হ’ব পাৰে৷ কিন্তু মই এতিয়াও বাংলা ভাষাটো বহুত ভালকৈ বুজি পাওঁ। কোনোবাই যদি মোৰ সন্মুখত বাংলা ভাষা কয়, মই বুজি পাম তেওঁলোকে কি ক’বলৈ চেষ্টা কৰিছে।’’

    মাহীয়ে বাংলা বুজাৰ দক্ষতা ব্যৱহাৰ কৰি বাংলাদেশী ক্ৰিকেটাৰক বুৰ্বক বনাইছিল। তেওঁ কয়- ''আমি এবাৰ বাংলাদেশৰ বিৰুদ্ধে খেলি আছিলো। মই বেটিং কৰি থাকোঁতে তেওঁলোকৰ উইকেটকীপাৰ আৰু অধিনায়কে বংগৰ বলাৰসকলক নিৰ্দেশনা দি আছিল। তেওঁলোকে ভাবিছিল মই বাংলা নাজানো। কিন্তু তেওঁলোকে কি পৰিকল্পনা কৰিছে সেয়া মই বুজিব পাৰিলোঁ। মোৰ উপকাৰ হ’ল।”

    খেলখনৰ শেষত অৱশ্যে ধোনীয়ে বাংলাদেশৰ ক্ৰিকেটাৰৰ আগত কৈছিল যে তেওঁ বাংলা ভাষা বুজি পায়। সেই কথা শুনি বাংলাদেশী ক্ৰিকেটাৰসকল আচৰিত হৈ পৰিছিল।