• আইপিএলঃ দীনেশ কাৰ্তিকৰ প্ৰিয় খেলুৱৈ নিজৰ পত্নী! জনালে বিৰাট কোহলীয়ে

    ক্ৰীড়া
    আইপিএলঃ দীনেশ কাৰ্তিকৰ প্ৰিয় খেলুৱৈ নিজৰ পত্নী! জনালে বিৰাট কোহলীয়ে

    ডিজিটেল ডেস্কঃ  আই পি এলত তেওঁ ভাল খেলি আছে।  শেহতীয়াকৈ কাৰ্তিকে নিজৰ দল বেংগালুৰুৰ কেইবাজনো সতীৰ্থৰ সাক্ষাৎকাৰ লৈছিল। তাত কোহলীৰ উত্তৰ শুনি হতভম্ব হৈ পৰিল কাৰ্তিক।

    কাৰ্তিকে নিজৰ বিষয়ে এটা প্ৰশ্ন উত্থাপন কৰে কোহলী, ডুপলেছিছক। সোধে  ক্ৰিকেটাৰৰ বাহিৰে তেওঁৰ প্ৰিয় খেলুৱৈ কোন হ’ব পাৰে?  কোহলীয়ে লগে লগে উত্তৰ দিলে, "তোমাৰ পত্নী।" কাৰ্তিকে হাঁহি এটা মাৰি উত্তৰ দিলে, “নিশ্চিতভাৱে এটা ডাঙৰ উত্তৰ। মোৰ মূৰত আন কাৰোবাৰ নাম আছিল।" এই কথা শুনি কোহলী, কাৰ্তিক, ডুপ্লেছীয়ে হাঁহি থাকিল।

    কাৰ্তিকৰ পত্নী দীপিকা পল্লিকল এগৰাকী পেছাদাৰী স্কোয়াছ খেলুৱৈ। দেশ-বিদেশৰ বহু প্ৰতিযোগিতাত খেলিছে। দীৰ্ঘদিন ধৰি মহিলা শাখাত ভাৰতৰ এক নম্বৰ স্কোয়াছ খেলুৱৈ আছিল। এছিয়ান গেমছ, কমনৱেলথ গেমছ আদি প্ৰতিযোগিতাত সফলতাৰে খেলিছে দীপিকাই। ২০১৫ চনত তেওঁলোকৰ বিবাহ হয়। এতিয়া তেওঁলোক যমজ সন্তানৰ পিতৃ-মাতৃ। শেহতীয়াকৈ এক সাক্ষাৎকাৰত কাৰ্তিকে বাৰে বাৰে তেওঁৰ সফলতাৰ আঁৰত পত্নীৰ অৱদানৰ কথা উল্লেখ কৰিছিল।