• দুই সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দীৰ মুখামুখি যুঁজত স্তব্ধ হ'ব বিশ্ব! ‘দ্য ৰক’ পৰিল ভাৰত-পাক মেচৰ জ্বৰত

    ক্ৰীড়া
    দুই সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দীৰ মুখামুখি যুঁজত স্তব্ধ হ'ব বিশ্ব! ‘দ্য ৰক’ পৰিল ভাৰত-পাক মেচৰ জ্বৰত
    ডিজিটেল ডেস্ক: ২২ গজত ভাৰত-পাকিস্তানৰ সমৰ মানেই ক্ৰিকেট অনুৰাগীৰ তীব্ৰ উৎকণ্ঠা। কেৱল দুখন দেশেই নে, বিশ্ব ক্ৰিকেটেও উৎসুকতাৰে অপেক্ষা কৰে এই বিশেষ মেচখনলৈ। ভাৰত-পাকিস্তান হাইভল্টেজ মহাৰণৰ প্ৰতি ক্ৰিকেটপ্ৰেমীৰ এই উৎসুকতাৰ পুনৰ প্ৰমাণ পোৱা গৈছে আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকমুহূৰ্তত। বেট-বলৰ যুঁজৰ ৰোমাঞ্চ, দুই দেশৰ অনুৰাগী তথা সমৰ্থকৰ পাৰস্পৰিক বাকযুদ্ধ আৰু তাৰ সমসাময়িকভাৱে কমেণ্ট বক্সত বাজি উঠা ক্ৰিকেটীয় বিৱৰণৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সাক্ষী হ’বলৈ সাজু হৈছে ক্ৰিকেট বিশ্ব। সাধাৰণতেই ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ মানেই এনে এক দৃশ্যই সকলোৰে সমুখত ভাঁহি আহে। গতিকে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ মেচখনতো এনে পৰিস্থিতিৰেই আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে।

    অহা ২৩ অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ গ্ৰুপ মেচত মুখামুখি হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তি পাকিস্তান আৰু ভাৰত। ক্ৰিকেট বিশ্বত সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দী হিচাপে পৰিচিত দুই চুবুৰীয়াৰ বেট-বলৰ যুঁজৰ জ্বৰত ইতিমধ্যে আক্ৰান্ত হৈছে বিশ্বৰ ক্ৰিকেট অনুৰাগীসকল। এই জ্বৰে শেহতীয়াকৈ স্পৰ্শ কৰিছে এগৰাকী হাই প্ৰফাইল তাৰকাক। ভাৰত-পাক মেচৰ জ্বৰত আক্ৰান্ত হোৱা এই বিখ্যাত তাৰকাগৰাকী হৈছে হলীউডৰ প্ৰখ্যাত অভিনেতা তথা ৰেষ্টলিং জগত ‘WWE’ ৰ প্ৰসিদ্ধ তাৰকা ডুৱাইন ‘দ্য ৰক’ জনচন।

    ইতিমধ্যে যোৱা ১৬ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত টি-২০ বিশ্বকাপৰ অষ্টম সংস্কৰণ আৰম্ভ হৈছে। বৰ্তমান মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জনৰ বাবে চলি আছে প্ৰথম ৰাউণ্ডৰ খেল। ইয়াৰ পাছতে ২২ অক্টোবৰৰ পৰা চুপাৰ-১২ খেলসমূহ আৰম্ভ হ'ব। ২৩ অক্টোবৰত পৰস্পৰৰ সন্মুখীন হৈ বিশ্বকাপ অভিযান আৰম্ভ কৰিব ভাৰত-পাকিস্তানে। খেলখনৰ বাবে মহা উৎকণ্ঠাৰে বাট চোৱা ক্ৰিকেটপ্ৰেমীৰ সৈতে এইবাৰ সংযোগ ঘটিছে 'দ্য ৰক'ৰ নাম।

    ভাৰত-পাক যুঁজ উপভোগৰ বাবে সাজু হোৱা ৰকে এক ভিডিঅ’ বাৰ্তা যোগে অনুৰাগীসকলৰ আগত প্ৰকাশ কৰিছে নিজৰ অনুভৱ। ষ্টাৰ স্পৰ্টছৰ দ্বাৰা প্ৰচাৰিত এই ভিডিঅ’ বাৰ্তাটোত ৰকে ভাৰত-পাকিস্তানৰ ক্ৰিকেট যুঁজক বিশ্বৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰতিদ্বন্দীৰ সমুখ সমৰ আখ্যা দিছে। ক্লিপটোত ৰকে কয়, “যেতিয়া সৰ্বশ্ৰেষ্ঠ প্ৰতিদ্বন্দীৰ মাজত যুঁজ হয়, গোটেই বিশ্ব স্তব্ধ হৈ যায়। এয়া এখন সাধাৰণ ক্ৰিকেট মেচতকৈ উৰ্দ্ধত। এতিয়া ভাৰত আৰু পাকিস্তানৰ যুঁজৰ সময়; সৰ্ববৃহৎ প্ৰতিদ্বন্দিতাৰ সময়।”

    দৰাচলতে, 'দ্য ৰক' খ্যাত ডুৱাইন জনছনৰ পৰৱৰ্তী ছবি 'ব্লেক এডাম' শীঘ্ৰেই মুক্তি পাব। ছবিখনৰ প্ৰচাৰৰ বাবে ষ্টাৰ স্পৰ্টছলৈ আহিব ৰক। বিশ্বকাপত ভাৰত-পাকিস্তান মেচৰ দিনাই ৰকক ষ্টাৰ স্পৰ্টছৰ অনুষ্ঠানত দেখা পোৱা যাব।

    উল্লেখ্য যে, ভাৰতীয় দলে যোৱা বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ পিছত পুনৰ মেগা টুৰ্ণামেণ্টখনত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। বিগত বৰ্ষৰ বিশ্বকাপত ভাৰত পাকিস্তানৰ বিপক্ষে ১০ উইকেটত শোচনীয়ভাৱে পৰাস্ত হৈছিল। বিশ্বকাপৰ ইতিহাসত সেইবাৰেই প্ৰথমবাৰৰ বাবে পাকিস্তানৰ বিপক্ষে পৰাজয়ৰ সন্মুখীন হৈছিল ভাৰত। এই পৰাজয়ৰ পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ভাৰতীয় দল। ভাৰতীয় অনুৰাগীৰ আশা, এইবাৰৰ মুখামুখিত ভাৰতে কেৱল সেই পৰাজয়ৰ স্মৃতি নাশ কৰাই নহয়, বিশ্বকাপ খিতাপ জয়েৰে ভাৰতীয় ক্ৰিকেটক আকৌ এবাৰ গৌৰৱান্বিত কৰিব!