• গুৱাহাটীত আন্ত:ৰ্জাতিক ফিডে ৰেটিং দবা উদ্বোধন কৰিলে প্ৰাগ নিউজৰ চিএমডি সঞ্জীৱ নাৰায়ণে,প্ৰথম দিনৰ শীৰ্ষত বংগৰ কৌস্তভ , হাৰিয়ানাৰ ৰমেশ

    ক্ৰীড়া
    গুৱাহাটীত আন্ত:ৰ্জাতিক ফিডে ৰেটিং দবা উদ্বোধন কৰিলে প্ৰাগ নিউজৰ চিএমডি সঞ্জীৱ নাৰায়ণে,প্ৰথম দিনৰ শীৰ্ষত বংগৰ কৌস্তভ , হাৰিয়ানাৰ ৰমেশ
    ডিজিটেল ডেস্কঃ  ডেনমাৰ্কৰ অভ্যাগত খেলুবৈ সুদৰ্শন কৃষ্ণনসহ  ৩৭০ গৰাকী আগশাৰীৰ দবাৰুৰ অংশগ্ৰহণৰে  শনিবাৰে  মহানগৰীৰ বেতকুছি আহোম গাঁওস্থিত ৰয়েল গ্ল''ৱেল স্কুল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে প্ৰথম অপেন আন্ত:ৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতা । এইচ বি এম চ'চাইটি আৰু নৰ্থ ইষ্ট দবা ইণ্ডিয়াই এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত আয়োজন কৰা শীৰ্ষ প্ৰতিযোগিতা খন  আনুষ্ঠানিকভাবে উদ্বোধন কৰে প্ৰাগ নিউজৰ চিএমডি সঞ্জীৱ নাৰায়ণে । 

    পাঁচদিনীয়া প্ৰতিযোগিতা খনৰ আৰম্ভণি দিনটোৰ অন্ত:ত শীৰ্ষত অৱস্থান কৰি আছে হাৰিয়ানাৰ ৰমেশ পাৰমাৰ আৰু বংগৰ কৌস্তভ কুণ্ডুৱে । ৫ লাখ ৫০ হাজাৰ টকা প্ৰাইজমাণি সম্বলিত প্ৰতিযোগিতাখনৰ আজি  দ্বিতীয় দিন । বিশ্ব দবা ফেডাৰেশ্যন আৰু সদৌ অসম দবা সন্থাৰ তত্বাবধানত আয়োজন কৰা প্ৰতিযোগিতা খনত অসমৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ।

     শনিবাৰৰ উদ্বোধনী অনুষ্ঠানত নৰ্থ ইষ্ট দবা সন্থাৰ সভাপতি কে ৱাজাৰি , সদৌ অসম দবা সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ , যুটীয়া সম্পাদক জিতুমণি নেওঁগ ,আয়োজক সমিতিৰ সভাপতি অৰূপ নাথ , সম্পাদক অনন্ত গোস্বামী , সঞ্জীৱ দাস , মৃণাল হাজৰিকা , হিতেশ্বৰ শইকীয়া আৰু আই এম নীৰজ কুমাৰ মিশ্ৰকে আদি কৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে সদৌ অসম দবা সন্থাৰ মাণ্ডলিক সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই ।