• বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মেছি বাহিনীৰ সন্মুখত নেডাৰলেণ্ড, ভাৰতীয় সময় অনুসৰি ক’ত ,কেতিয়া হ’ব খেলখন?

    ক্ৰীড়া
    বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মেছি বাহিনীৰ  সন্মুখত নেডাৰলেণ্ড, ভাৰতীয় সময় অনুসৰি ক’ত ,কেতিয়া হ’ব খেলখন?
    ডিজিটেল ডেস্কঃকাটাৰত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপত নেডাৰলেণ্ড আৰু আৰ্জেণ্টিনাই  কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। নেডাৰলেণ্ডে আমেৰিকাক হৰুৱাই  কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আনহাতে  আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে।

    নেডাৰলেণ্ডে আমেৰিকাক পৰাস্ত কৰি অন্তিম আঠটা  স্থান লাভ কৰিছে। দুয়োটা দলে কোৱাৰ্টাৰ ফাইনেলত ইটোৱে সিটোৰ মুখামুখি হ’ব। খেলখন ক'ত,  কেতিয়া অনুষ্ঠিত হ'ব?আৰ্জেণ্টিনা আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ'বলগীয়া কোৱাৰ্টাৰ ফাইনেল খেলখন শুক্ৰবাৰে অৰ্থাৎ  ডিচেম্বৰৰ ৯ তাৰিখে অনুষ্ঠিত হ'ব। 

    দুয়োটা দলে কাটাৰৰ লুচাইল ষ্টেডিয়ামত যুদ্ধত নামিব। বিশ্বকাপৰ ফাইনেল খেলখনো এই ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি  দুপৰীয়া ১২:৩০ বজাত আৰম্ভ হ'ব।

    প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাই অষ্ট্ৰেলিয়াক ২-১ গ'লত পৰাস্ত কৰে। মেছিৰ গ'লেৰে আৰ্জেণ্টিনাই প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰতিৰক্ষা ভংগ কৰে। মেছিয়ে বিশ্বকাপত তেওঁৰ নৱম গ'লটো কৰিছে। কিন্তু প্ৰথমটো গ'ল নকআউটত তেওঁৰ ভৰিৰ পৰা  সৰকি আহিছিল। জুলিয়ান আলভাৰেছে আৰ্জেণ্টিনাৰ হৈ দ্বিতীয়টো গ'ল কৰিছিল।

    ফাৰ্ণাণ্ডেজে এটা আত্মঘাতী গ'ল কৰি বাকী খেলুৱৈসকলৰ চিন্তা বৃদ্ধি কৰিছিল। অৱশ্যে, আৰ্জেণ্টিনাই খেল খনত  জিকিবলৈ  আন বিশেষ কোনো সমস্যাৰ সন্মুখীন হোৱা  নাছিল।
    শনিবাৰে আনখন প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডে আমেৰিকা যুক্তৰাষ্ট্ৰক ৩-১ গ'লত পৰাস্ত কৰে। মেমফিছ ডেপে, ডেল ব্লাইণ্ড আৰু ডেনজেল ডুম্ফৰিজে দলটোৰ হৈ গ'ল কৰিছিল।