• মাত্ৰ দুখন বিশ্বকাপতে নটাকৈ গ’ল! পোলেণ্ডৰ বিৰুদ্ধে অনবদ্য প্ৰদৰ্শন আগবঢ়াই কি ক’লে ফ্ৰান্সৰ কিলিয়ান এমবাপেই?

    ক্ৰীড়া
    মাত্ৰ দুখন বিশ্বকাপতে নটাকৈ গ’ল! পোলেণ্ডৰ বিৰুদ্ধে অনবদ্য প্ৰদৰ্শন আগবঢ়াই কি ক’লে ফ্ৰান্সৰ কিলিয়ান এমবাপেই?
    ডিজিটেল ডেস্কঃ বিস্ময়জনক প্ৰদৰ্শনেৰে বিশ্বকাপত উজ্বলি উঠিছে কিলিয়ান এমবাপে। দেওবাৰে পোলেণ্ডৰ বিৰুদ্ধে নকআউট মেচখনত দুটাকৈ গ’ল দিয়ে ফ্ৰান্সৰ বিশ্বজয়ী তাৰকাগৰাকীয়ে। এতিয়ালৈকে মুঠ পাঁচটাকৈ গ’ল কৰিবলৈ সক্ষম হৈছে তেওঁ।

    বিশ্বকাপত সকলো ষ্ট্ৰাইকাৰৰে গ’ল কৰাটো এটা সপোন। এমবাপেই চলিত বিশ্বকাপত স্বৰ্গৰাজ্যত বাস কৰা বুলিব পাৰি। কিন্তু গ’ল কৰাটোৱেই এমবাপেই প্ৰধান লক্ষ্য নহয়। এই বিষয়ে সাংবাদিকক তেওঁ বিস্তাৰিতভাৱে জনায়।

    ''মোৰ এটাই সপোন। বিশ্বকাপ জিকিবলৈকে কাটাৰলৈ আহিছো। সোণৰ বল অথবা সোণৰ বুট জিকিবলৈ অহা নাই। ইয়াৰ কোনোবা এটা পালে অৱশ্যেই ভাল লাগিব। যদিও এইসমূহ মোৰ লক্ষ্য নহয়। মই বিজয়ী হ’বলৈ আহিছো। দলক সহায় কৰিবলৈ আহিছো।’’- এমবাপেই কয়।

    ''এই প্ৰতিযোগিতাখনৰ বাবে ব্যাপক প্ৰসত্তুতি চলাই আছো। নিজকে শাৰীৰিক আৰু মানসিকভাৱে সাজু কৰিছো। এই প্ৰতিযোগিতাৰ বাবে নিজকে সকলোভাৱে প্ৰস্তুত কৰিবলৈ চাইছিলো। আৰু কৰিছোও।’’- এমবাপেই কয়।

    উল্লেখ্য যে দেওবাৰে পোলেণ্ডৰ বিৰুদ্ধে দুটাকৈ গ’ল কৰি আন এক নজৰ গঢ়িলে ২৪ বয়সীয়া এমবাপেই। দুখনকৈ বিশ্বকাপত তেওঁ ৯টাকৈ গ’ল কৰিছে। ২০১৮ চনৰ বিশ্বকাপত ৪ টাকৈ গ’ল কৰিছিল তাৰকাগৰাকীয়ে। এই কৃতিত্ব আন কাৰোৰে নাই।