• বিশ্বকাপত ফৰাচী ফুটবলাৰ অলিভিয়েৰ জিহুৱে ভংগ কৰিলে অনৰিৰ গ’লৰ অভিলেখ !

    ক্ৰীড়া
    বিশ্বকাপত ফৰাচী ফুটবলাৰ অলিভিয়েৰ জিহুৱে  ভংগ কৰিলে  অনৰিৰ গ’লৰ অভিলেখ !
    ডিজিটেল ডেস্কঃ বিশ্বকাপত ফৰাচী ফুটবলাৰ অলিভিয়েৰ জিহুৱে  ভংগ কৰিলে  অনৰিৰ অভিলেখ৷ বিশ্বকাপৰ প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত তেওঁ পোলেণ্ডৰ বিৰুদ্ধে এটা গ'ল দি থিয়েৰী অনৰীৰ অভিলেখ ভংগ কৰিছে৷ জিহুৱে পোলেণ্ডৰ বিৰুদ্ধে ফ্ৰান্সৰ প্ৰথমটো গ'ল কৰিছিল।  

    গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গ'ল দি বিশ্বকাপত আটাইতকৈ বেছি  গ'ল কৰা ফুটবলাৰ হিচাপে জিহু পৰিগণিত হয়। ইয়াৰ পূৰ্বে  থিয়েৰী অনৰিয়ে সেই  অভিলেখৰ গৰাকী আছিল৷ থিয়েৰী অনৰিয়ে ৫১ টা গ'ল কৰিছে। কিন্তু  জিহুৱে এতিয়ালৈকে ফ্ৰান্সৰ হৈ ৫২ টা গ'ল কৰিছে। ফ্ৰান্সে পোলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। অৰ্থাৎ জিহুৰ গ’লৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

    পোলেণ্ডৰ বিৰুদ্ধে প্ৰথমাৰ্ধৰ বিৰতিৰ ঠিক আগতে ফ্ৰান্সে জিহুৰ গ'লৰ জড়িয়তে  আগবাঢ়ি গৈছিল। এমবাপেয়ে বক্সত জিহুক বলটো দিছিল। জিহুৱে বাওঁ ভৰিৰ যাদুৰে  গ'লটো কৰে। ফ্ৰান্সে এই বিশ্বকাপত বিশ্ব চেম্পিয়নৰ দৰে খেলি আছে। ডিডিয়াৰ ডেচচেম্পৰ দলটোৱে পোলেণ্ডৰ বিৰুদ্ধে ৩-১ গ'লৰ ব্যৱধানত  জয়েৰে কোৱাৰ্টাৰ ফাইনেলত উপনীত হয়। জিহুৰ উপৰিও কেলিয়ান এমবাপেয়ে ফ্ৰান্সৰ হৈ বাকী দুটা গ'ল কৰে। তেওঁ ৭৪ মিনিটত প্ৰথমটো গ'ল কৰিছিল। 

    এমবাপেয়ে খেলৰ অতিৰিক্ত সময়ত আন এটা গ'ল কৰিছিল। থুৰামৰ পৰা পাছ পোৱাৰ পিছত এমবাপে বল নিয়ন্ত্ৰণ কৰি বক্সত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁ সোঁ ভৰিৰে বক্ৰ শ্বটেৰে বলটো নেটত প্ৰৱেশ কৰোৱাবলৈ সক্ষম হয়। এইবাৰ এমবাপেয়ে বিশ্বকাপত ৫ টা গ'ল কৰিছে। সোণৰ বুটৰ দৌৰত তেওঁ প্ৰথম স্থানত আছে।