• কাটাৰ বিশ্বকাপঃ ৰেফাৰীক ‘চোৰ’ বুলি গালি পৰাৰ বাবে ১৫ খন মেচৰ পৰা নিৰ্বাসিত হ’ব পাৰে উৰুগুৱেৰ এইগৰাকী ফুটবলাৰ!

    ক্ৰীড়া
    কাটাৰ বিশ্বকাপঃ ৰেফাৰীক ‘চোৰ’ বুলি গালি পৰাৰ বাবে ১৫ খন মেচৰ পৰা নিৰ্বাসিত হ’ব পাৰে উৰুগুৱেৰ এইগৰাকী ফুটবলাৰ!
    ডিজিটেল ডেস্কঃ শুক্ৰবাৰে ৰোমাঞ্চকৰভাৱে কাটাৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছে লুই চুৱাৰেজৰ উৰুগুৱে। শেহৰখন মেচত ঘানাৰ বিৰুদ্ধে ২-০ গ’লত বিজয়ী হ’লেও গ্ৰুপৰ দলসমূহৰ গ’ল বিভাজন অনুসৰি দক্ষিণ কোৰিয়াতকৈ পিছ পৰি ৰয় উৰুগুৱে। ফলত নকআউট পৰ্যায়লৈ দক্ষিণ কোৰিয়া আগবাঢ়ে।

    ঘানাৰ স’তে হোৱা মেচখনৰ পাছতে খেলপথাৰত সৃষ্টি হয় ব্যাপক উত্তেজনাৰ। খেলৰ দায়িত্বত থকা ডানিয়েল চিবাৰ্ট নামৰ জাৰ্মান ৰেফাৰীক আগুৰি ধৰে উৰুগুৱেৰ ফুটবলাৰসকলে। খেল চলি থকাৰ সময়ত লোৱা কিছু সিদ্ধান্তৰ প্ৰবল আপত্তি জনালে তেওঁলোকে।

    কিন্তু উৰুগুৱেৰ চেণ্টাৰ বেক হোছে জিমেনেজে আপত্তিৰ সকলো পৰিসীমা চেৰাই যায়। সামাজিক মাধ্যমত বিয়পি পৰা এটা ভিডিঅ’ত দেখা গৈছে যে জিমেনেজে ফিফাৰ কম্পিটিছন ডিৰেক্টৰক মূৰৰ পাছফালে প্ৰহাৰ কৰিছে। কেৱল সেয়াই নহয়, ৰেফাৰীগৰাকীক মুকলিকৈয়ে ‘চোৰ’ বুলিও গালি পাৰিছে। 

    জিমেনেজৰ এই কাণ্ডৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে ফিফাই।  ১৫ খনকৈ মেচৰ পৰা নিৰ্বাসিত হ’ব পাৰে জিমেনেজ। ফলত প্ৰায় এক বছৰ দেশৰ হৈ খেলিব নোৱাৰিব জিমেনেজে।