ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৰসংহাৰে সমগ্ৰ বিশ্বকে কঁপাই গৈছে। সকলোৱে একমুখে গৰিহণা দিছে এনে বৰ্বৰ কাণ্ডক। পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত গুলীচালনা কৰাত ২৬জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে কেইবাজনো আহত হয়।
২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত এই আক্ৰমণ আটাইতকৈ ভয়ানক বুলি বিবেচিত হৈছে। ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক লৈ এটা ডাঙৰ খবৰ ওলাইছে। মৃত্যুৰ ভাবুকি লাভ কৰিছে গৌতম গম্ভীৰে।
পেহেলগাম ইছলামিক সন্ত্ৰাসবাদীৰ আক্ৰমণক গৰিহণা দিয়াৰ পাছতেই গৌতম গম্ভীৰে লাভ কৰিলে মৃত্যুৰ ভাবুকি। গৌতম গম্ভীৰে এক্স যোগে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি লিখিছিল - "পেহেলগামত নিহতসকলৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা জনালোঁ। ইয়াৰ বাবে যিসকল দায়ী তেওঁলোকে ইয়াৰ মূল্য ভৰিবই লাগিব। ভাৰতে ইয়াৰ উত্তৰ দিব।"
ইয়াৰ পাছতেই ইমেইলৰ জৰিয়তে গম্ভীৰলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰা হৈছে। মাত্ৰ তিনিটা শব্দ লিখিছিল মেইলটোত – I Kill You। লগে লগে গম্ভীৰে এই ইমেইলৰ বিষয়ে আৰক্ষীক অৱগত কৰি আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰে। বিষয়টোৰ গুৰুত্ব দেখি ততাতৈয়াকৈ সক্ৰিয় হৈ পৰিছে দিল্লী আৰক্ষী। প্ৰাৰম্ভিক তদন্ত অনুসৰি এই ভাবুকি দিছে ISIS কাশ্মীৰে।
আৰক্ষী বিষয়াসকলৰ মতে, ইমেইল প্ৰেৰকক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। ইয়াৰ বাবে চাইবাৰ চেলৰ দলটোৱে ইমেইলটো অনুসৰণ কৰাৰ চেষ্টা চলাইছে আৰু কাৰিকৰী বিশ্লেষণৰ জৰিয়তে বিষয়টোৰ ওপৰত ক্ষীপ্ৰভাৱে তদন্ত কৰি আছে। নিজৰ সুৰক্ষাৰ সমান্তৰালকৈ পৰিয়ালৰ নিৰাপত্তা বৃদ্ধিৰ বাবেও গৌতম গম্ভীৰে দাবী জনাইছে।
২২ এপ্ৰিলত গৌতম গম্ভীৰে ইমেইলযোগে দুবাৰকৈ ভাবুকি লাভ কৰিছিল, এবাৰ দুপৰীয়া আৰু আনটো সন্ধিয়া। দুয়োটা মেইলতে মাত্ৰ তিনিটা শব্দ লিখা আছিল: "I Kill You".
এই ভাবুকিৰ ভয়াৱহতাক বিবেচনা কৰি দিল্লী আৰক্ষীয়ে বিষয়টোৰ গভীৰ তদন্ত কৰি গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
Leave A Comment