• ‘বিদ্ৰোহী’ হৈ পৰিল হনুমা বিহাৰী! অন্ধ্ৰৰ হৈ ঘৰুৱা ক্ৰিকেট নেখেলাৰ সিদ্ধান্ত

    ক্ৰীড়া
    ‘বিদ্ৰোহী’ হৈ পৰিল হনুমা বিহাৰী! অন্ধ্ৰৰ হৈ ঘৰুৱা ক্ৰিকেট নেখেলাৰ সিদ্ধান্ত
    ডিজিটেল ডেস্কঃ সোমবাৰে অন্ধ্ৰ প্ৰদেশে ৰঞ্জী ট্ৰফীৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতে হনুমা বিহাৰীয়ে ৰাজ্যিক ক্ৰিকেট সন্থাৰ হৈ অভিযোগ কৰি দলৰ হৈ নেখেলাৰ সিদ্ধান্ত লয়। তেওঁ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে। ৰাজনীতিয়ে তেওঁক অধিনায়কৰ পদৰ পৰা অপসাৰণ কৰা বুলি ইংগিত দিছে।

    মেচখনৰ পাছতে বিহাৰীয়ে এটা দীঘলীয়া পোষ্ট কৰে। তাত তেওঁ লিখিছে, ‘আমাৰ সংগঠনে বিশ্বাস কৰি যে ক্ৰিকেটাৰসকলক যি কোৱা হয় সেই কথা অনুসৰণ কৰিব। তেওঁলোকৰ বাবেহে ক্ৰিকেটাৰ আছে। সেয়ে মই সিদ্ধান্ত ললো যে আৰু অন্ধ্ৰৰ হৈ খেলিব নোৱাৰিম। মোৰ আত্মসন্মান হেৰুৱাই পেলাইছো। দলটোক ভাল পাওঁ। কিন্তু সংগঠনটোৱে নিবিচাৰে যে আমি আগবাঢ়ি যাওঁ।"

    ভাৰতৰ হৈ ১৬খন টেষ্ট খেলিছে বিহাৰীয়ে। এইবাৰ অন্ধ্ৰৰ অধিনায়ক হৈছিল। কিন্তু বংগৰ বিৰুদ্ধে প্ৰথমখন খেলৰ পিছত পদত্যাগ কৰে। ছিজনৰ বাকী সময়ছোৱাত ৰিকি ৱুইয়ে নেতৃত্ব দিছিল। ইয়াৰ পিছতে বিহাৰীয়ে ব্যক্তিগত কাৰণত নেতৃত্বৰ পৰা পদত্যাগ কৰা বুলি কয়। এতিয়া তেওঁ ক’লে যে ৰাজ্যিক সংগঠনৰ হেঁচাত তেওঁ আঁতৰিব কৰিবলগীয়া হৈছে।