ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়াৰ সময় ভালদৰে চলি থকা নাই। এফালে ব্যক্তিগত জীৱন অস্থিৰ হৈ পৰিছে। কেইবাদিনো ধৰি ক্ৰিকেট তাৰকাগৰাকীৰ বিবাহ বিচ্ছেদ হ’ব বুলি চৰ্চা চলিছে। লকডাউনৰ সময়ত হাৰ্ডিকে ছাৰ্বিয়াৰ মডেল অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেইমাহমানৰ ভিতৰতে তেওঁৰ পুত্ৰ আগষ্টৰ জন্ম হয়। কিন্তু চাৰি বছৰৰ ভিতৰতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল।
ইফালে নাটাছাই বিভিন্ন ধৰণৰ ইংগিতদায়ক পোষ্ট দি আছে। শেহতীয়াকৈ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত বিদেশী বন্ধুৰ সৈতে দেখা গৈছিল অভিনেত্ৰীগৰাকীক। আই পি এলত লক্ষ্ণৌৰ হাতত পৰাস্ত হৈ হাৰ্দিকে দেশ এৰি থৈ যায়! কিন্তু তেওঁ ক’ত? আগবাঢ়ি আছে টি-২০ বিশ্বকাপ। তাৰ আগতে এনেদৰে দেশ এৰি যোৱাৰ কথা বহু জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। এটা পক্ষই দাবী কৰে যে হাৰ্দিকে হয়তো পত্নী নাটাছাৰ সৈতে অকলে থাকে।
ভাৰতীয় ক্ৰিকেট দলটোৱে শনিবাৰে টি-২০ বিশ্বকাপ খেলিবলৈ নিউয়ৰ্কলৈ ৰাওনা হয়। যদিও আজিৰ দিনটোত হাৰ্দিকক দেখা পোৱা নগ’ল। লণ্ডনত হাৰ্দিকে ছুটী লৈছে বুলি চৰ্চা চলিছে। তেওঁৰ পত্নী নাটাছাও তেওঁৰ লগত আছে। যদিও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰবোৰ হুলস্থুলীয়া হৈ পৰিছে। অৱশ্যে এই সকলোবোৰ মিছা বুলি একাংশই দাবী কৰে। নাটাছা-হাৰ্ডিক সঁচাকৈয়ে সুখী!
প্ৰায় প্ৰতি বছৰে আই পি এলৰ ভি আই পি বক্সত দেখা যায় নাটাছাক। কিন্তু এইবাৰ ছন্দ ভাঙি গ’ল। স্বামীৰ খেল চাবলৈ অহা নাছিল। আনকি হাৰ্দিকৰ দল মুম্বাই ইণ্ডিয়ানছৰ সন্দৰ্ভতো কোনো মন্তব্য কৰা নাছিল নাটাছাই। এই সকলোবোৰ ঘটনাৰ ভিত্তিত তেওঁলোকৰ বিবাহক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে নাটাছা বা হাৰ্দিকৰ কোনো এজনৰ পৰা কোনো বিবৃতি পোৱা নাই।
Leave A Comment