ক্ৰীড়া
ডিজিটেল ডেস্কঃ শ্বাহিন শ্বাহ আফ্ৰিদিৰ বল ষ্ট্ৰেইট ড্ৰাইভ কৰি কোবাব লাগিব। এই মত প্ৰকাশ কৰিছে শচীন টেণ্ডুলকাৰে। সাম্প্ৰতিক বিশ্ব ক্ৰিকেটত ধুমুহাৰ সৃষ্টি কৰা পাকিস্তানৰ ফাষ্ট বলাৰগৰাকীৰ বলিং শৈলীক লৈ ভাষ্য আগবঢ়াইছে মাষ্টাৰ ব্লাষ্টাৰ টেণ্ডুলকাৰে।
টেণ্ডুলকাৰে কয় যে ভাৰতৰ বেটাৰসকলে শ্বাহিন শ্বাহ আফ্ৰিদিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লওঁতেও ষ্ট্ৰেইট ড্ৰাইভত খেলাৰ প্ৰয়োজন। উল্লেখযোগ্য যে ষ্ট্ৰেইট ড্ৰাইভত খেলাত সিদ্ধহস্ত হিচাপে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে শচীন টেণ্ডুলকাৰক গণ্য কৰা হয়।
নিজৰ কেৰিয়াৰত তেওঁ কেইবাগৰাকীও পাকিস্তানী ফাষ্টবলাৰৰ সন্মুখীন হৈছিল। ক্ৰিকেটৰ খেলপথাৰত ত্ৰাসৰ সৃষ্টি কৰা ৱাছিম আক্ৰাম, ৱাকাৰ ইউনিছ, ছোৱেইব আখটাৰৰ স’তে টেণ্ডুলকাৰৰ তীব্ৰ প্ৰতিদ্বন্দিতা হৈছিল।
পিটিআইত দিয়া এক সাক্ষাৎকাৰত টেণ্ডুলকাৰক সোধা হয় যে শ্বাহিন আফ্ৰিদিৰ স’তে মুখামুখি হোৱা হ’লে টেণ্ডুলকাৰে কি শৈলী প্ৰয়োগ কৰিলেহেঁতেন। তেতিয়া মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে কয় যে যিহেতু তেওঁ অৱসৰৰ পাছত এতিয়া আৰু শ্বাহিনৰ স’তে মুখামুখি হোৱাৰ সম্ভাৱনা নাই, সেয়ে এই বিষয়ে ভবা নাই।
“শ্বাহিন এগৰাকী আক্ৰমণাত্মক বলাৰ আৰু তেওঁ উইকেট লৈ ভাল পায়।”- শ্বাহিনৰ বলিং শৈলীক প্ৰশংসা কৰি টেণ্ডুলকাৰে কয়- “শ্বাহিনৰ বিৰুদ্ধে ল’বলগা কৌশলটো হৈছে ষ্ট্ৰেইট ড্ৰাইভ।”
উল্লেখ্য যে টি২০ বিশ্বকাপত ভাৰতে দেওবাৰে মেলব’ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত পাকিস্তানৰ বিৰুদ্ধে খেলিব। ইতিমধ্যে শ্বাহিন আফ্ৰিদিৰ নেতৃত্বত পাকিস্তানৰ বলাৰসকলে ভাৰতৰ বিৰুদ্ধে কেনেধৰণৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে, তাক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত তীব্ৰ জল্পনা কল্পনা চলিছে।
Leave A Comment