• খেলৰ মাজতে ধূমপান! কেমেৰা দেখি লুকাল পাকিস্তানী ক্ৰিকেটাৰ

    ক্ৰীড়া
    খেলৰ মাজতে ধূমপান! কেমেৰা দেখি লুকাল পাকিস্তানী ক্ৰিকেটাৰ
    ডিজিটেল ডেস্কঃ পাকিস্তান ছুপাৰ লীগৰ খেল চলি আছে। ড্ৰেছিং ৰুমত ধূমপান কৰি আছে পাকিস্তানী ক্ৰিকেটাৰ ইমাদ ৱাছিমে। কেমেৰাত ধৰা পৰা বুলি উপলব্ধি কৰি তেওঁ লুকাল৷ ইমাদৰ এনে কাৰ্য দেখি সকলোৱে আচৰিত হৈ পৰিল।

    পাক অলৰাউণ্ডাৰ ইমাদে যোৱা বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। যদিও তেওঁ পি এছ এলত খেলি আছে। সোমবাৰৰ খেলখন আছিল ইছলামবাগ ইউনাইটেড আৰু মুলতান চুলতানৰ মাজত। সেই মেচখনত ৩৫ বছৰীয়া ইমাদে ৪ অভাৰত ৫টা উইকেট দখল কৰিছিল। ইমাদৰ প্ৰভাৱত মহম্মদ ৰিজৱানৰ মুলটানে ১৫৯ ৰানত ৰৈ যায়। ইমাদে ৪ অভাৰত ২৩ ৰান দি ৫ উইকেট দখল কৰে। তেওঁৰ এই স্পেল পি এছ এলৰ ৯ বছৰীয়া ইতিহাসৰ শ্ৰেষ্ঠ। ইয়াৰ পূৰ্বে কোনো বলাৰেই পি এছ এলত ৫টা উইকেট ল’ব পৰা নাছিল।

    ৫টা উইকেট দখল কৰি ইমাদে ড্ৰেছিং ৰুমলৈ উভতি আহি চিগাৰেট এটা খালে। ছ’চিয়েল মিডিয়াত বিয়পি পৰিল একাধিক ছবি আৰু ভিডিঅ’। আৰু চাৰি-পাঁচ বছৰ ক্ৰিকেট খেলিব বিচৰা ইমাদক এতিয়ালৈকে শাস্তি দিয়া হোৱা নাই৷