• উশাহ চুটি হৈ আহিছে দেশবাসীৰ… কাইলৈ মুখামুখি হ’ব দুই ক্ৰিকেট চিৰবৈৰী

    ক্ৰীড়া
    উশাহ চুটি হৈ আহিছে দেশবাসীৰ… কাইলৈ মুখামুখি হ’ব দুই ক্ৰিকেট চিৰবৈৰী
    ডিজিটেল ডেস্কঃ কাইলৈ সন্মুখত বহু প্ৰত্যাশিত ভাৰত-পাকৰ হাইভল্টেজ মেচ। আহমেদাবাদে ১৪ অক্টোবৰ শনিবাৰে ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ মেচখন আয়োজন কৰিবলৈ সাজু হোৱাৰ সময়তে যথেষ্ট আলোচনা চলিছে৷ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলেই আছে এক সুকীয়া মাদকতা৷সেয়ে অনুৰাগীৰ মাজত আছে তীব্ৰ উৎকণ্ঠা৷

    ভাৰত আৰু পাকিস্তানে মেচখনৰ ইয়াতকৈ ভাল লিড-আপ বিচাৰিব নোৱাৰিলেহেঁতেন। নতুন দিল্লীত আফগানিস্তানক পৰাস্ত কৰাৰ পূৰ্বে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পতিয়নযোগ্য জয়ৰে অভিযান আৰম্ভ কৰিছিল। অধিনায়ক ৰোহিতে চাঞ্চল্যকৰ শতক অৰ্জন কৰি ধাৰাবাহিক অভিলেখ ভংগ কৰি ভাৰতে ৮ উইকেটত জয়লাভ কৰি শীৰ্ষ ৪ টা স্থান সুনিশ্চিত কৰে।

    আনহাতে, হায়দৰাবাদত নেদাৰলেণ্ডৰ বিৰুদ্ধে স্নায়বিক জয়ৰে আৰম্ভণি কৰিছিল পাকিস্তানে৷আৰু তাৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে জয় সাব্যস্ত কৰে।উল্লেখ্য যে, কাইলৈৰ একশ্যন আৰম্ভ হ’ব নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত, যিখন বিশ্বৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম৷ বিশ্বকাপৰ মুকলি অনুষ্ঠান নহ’লেও ভাৰত বনাম পাকিস্তানৰ খেলখনৰ বাবে বিশেষ সংগীত অনুষ্ঠান আৰু পৰিবেশনৰ আয়োজন কৰা হৈছে, যিয়ে প্ৰতিযোগিতাখনৰ তাৎপৰ্যক উজ্জ্বল কৰি তুলিছে।