• কাইলৈ বহুপ্ৰত্যাশিত ভাৰত-পাকৰ ক্ৰিকেট মেচ; সমস্যা আৰু চাপ বৃদ্ধি পাইছে পাকিস্তানৰ

    ক্ৰীড়া
    কাইলৈ বহুপ্ৰত্যাশিত ভাৰত-পাকৰ ক্ৰিকেট মেচ;  সমস্যা আৰু চাপ বৃদ্ধি পাইছে পাকিস্তানৰ
    ডিজিটেল ডেস্কঃ বিশ্বকাপ ২০২৩ৰ দ্বাদশ খেলখন আহমেদাবাদত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। এই মেচখনৰ বাবে দুয়োটা দল সাজু। প্ৰাৰম্ভিক দুয়োখন মেচতে ভাৰতে জয়লাভ কৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়া আৰু আফগানিস্তানক পৰাস্ত কৰিছে। আনহাতে পাকিস্তানেও দুয়োখন মেচতে জয়লাভ কৰিছে। এতিয়া এই মেচখন আহমেদাবাদত অনুষ্ঠিত হ’ব। এক প্ৰতিবেদন অনুসৰি ইয়াৰ পিটচ স্পিনাৰসকলৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে পাকিস্তানী বেটছমেনসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

    তথ্য অনুসৰি ২০২৩ চনৰ বিশ্বকাপত এতিয়ালৈকে যিবোৰ খেলপথাৰত খেল অনুষ্ঠিত হৈছে, তাৰ ভিতৰত সৰ্বাধিক টাৰ্ণ দেখা গৈছে আহমেদাবাদৰ খেলপথাৰত। মোটেৰাৰ খেলপথাৰত বেগী বলাৰসকলে ছুইং একেবাৰেই পোৱা নাই। ধর্মশালা, দিল্লী আৰু চেন্নাইৰ পিটচ দ্রুত বলাৰৰ বাবে সহায়ক হৈ পৰিছে৷ যদি আহমেদাবাদত স্পিন ফ্ৰেণ্ডলী পিটচ থাকে তেন্তে পাকিস্তানে সমস্যাৰ সন্মুখীন হ’ব পাৰে।

    তদুপৰি টীম ইণ্ডিয়াত আছে কুলদীপ যাদৱ, ৰবীন্দ্ৰ জাডেজা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে মহান স্পিন বলাৰ। যোৱা মেচত কুলদীপ আৰু জাদেজাই সুন্দৰ বলিং কৰিছে। পাক দলে নতুন পৰিকল্পনাৰে খেলপথাৰত প্ৰৱেশ কৰিব। কিন্তু যদি পাকিস্তানে শ্বাহীন আফ্ৰিদী আৰু হাছান আলীৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেন্তে সমস্যাৰ সন্মুখীন হ’ব পাৰে। পাকিস্তানৰ বেটছমেনৰ কথা ক’বলৈ গ’লে হয়তো কুলদীপ আৰু জাদেজাৰ বিৰুদ্ধে সমস্যাৰ সন্মুখীন হ’ব লাগিব৷

    উল্লেখযোগ্য যে ভাৰতৰ হৈ এতিয়ালৈকে সৰ্বাধিক উইকেট দখল কৰিছে যশপ্ৰীত বুমৰাহে। বেগী বলাৰ বুমৰাহে ২ খন মেচত ৬ টা উইকেট দখল কৰিছে। পাকিস্তানৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে হাছান আলীয়ে। ২ খন মেচত ৬ টা উইকেট দখল কৰিছে হাছানে।তদুপৰি ২ খন মেচত ৫ টা উইকেট দখল কৰিছে হেৰিছ ৰাউফে।