• বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ টি-২০ শৃংখলা; জানো আহক দলীয় একাদশৰ বিষয়ে সবিশেষ

    ক্ৰীড়া
    বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব ভাৰত বনাম ৱেষ্ট ইণ্ডিজৰ টি-২০ শৃংখলা; জানো আহক দলীয় একাদশৰ বিষয়ে সবিশেষ
    ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৩ টা এদিনীয়া শৃংখলাত ভাৰতে ২-১ত জয়লাভ কৰে। একে সময়তে এতিয়া দুয়োটা দলে টি-২০ ছিৰিজত মুখামুখি হ’ব। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ৩ খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। এই শৃংখলাৰ প্ৰথমখন খেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব। অৱশ্যে এই মেচখনৰ বাবে টিম ইণ্ডিয়াৰ প্লেয়িং একাদশ কি হ’ব? খেলিবলগীয়া একাদশত কোন কোন খেলুৱৈক নিৰ্বাচিত কৰা হ’ব? 

    এদিনীয়া শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল ঈশান কিষাণে। আনহাতে, যশস্বী জয়ছোৱালে টেষ্ট মেচত বেটিং কৰি বহুখিনি আপ্লুত কৰিছিল গতিকে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত কোনে স্থান লাভ কৰিব প্লেইং একাদশত? ঈশান কিষাণ নে যশস্বী জয়ছোৱাল? এই সিদ্ধান্ত দল পৰিচালনাৰ বাবে সহজ নহ’ব। ইয়াৰ বাহিৰেও তিলক বাৰ্মাক বিচাৰ কৰিব পাৰি। একে সময়তে হাৰ্ডিক পাণ্ডিয়াই টিম ইণ্ডিয়াৰ অধিনায়কত্ব কৰিব। লগতে মিডল অৰ্ডাৰৰ বেটছমেন সূৰ্য্যকুমাৰ যাদৱৰ ওপৰত চকু থাকিব। 

    ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ  টি-২০ শৃংখলাৰ প্ৰথমখন খেল ট্ৰিনিদাদত অনুষ্ঠিত হ’ব। একে সময়তে ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন। ভাৰতীয় অনুৰাগীয়ে ডিডি স্প’ৰ্টছত লাইভ সম্প্ৰচাৰ চাব পাৰিব। ইয়াৰ উপৰিও আপুনি Fancode ত লাইভ ষ্ট্ৰীমিং উপভোগ কৰিব পাৰিব।

    সম্ভাৱনা থকা দলীয় একাদশঃ-
    যশস্বী জয়ছোৱাল,ঈশান কিষাণ, শুভমন গীল, সঞ্জু চেমচন (wk), তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), অক্ষৰ পেটেল, আবেশ খান, অৰ্শদীপ সিং, যুজবেন্দ্ৰ চাহাল আৰু উমৰান মালিক ৷