• আই পি এলৰ উদ্বোধনী অনুষ্ঠানত অভিনেত্ৰী তামন্নাৰ উদ্দাম নৃত্য, হঠাতে বন্ধ হ'ল অৰিজিতৰ গান!

    ক্ৰীড়া
    আই পি এলৰ উদ্বোধনী অনুষ্ঠানত অভিনেত্ৰী তামন্নাৰ উদ্দাম নৃত্য,  হঠাতে বন্ধ হ'ল অৰিজিতৰ গান!
    ডিজিটেল ডেস্কঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত আজি পৰিবেশ মধুময় কৰি তোলে কেইবাগৰাকীও শিল্পী তথা তাৰকাই। দক্ষিণৰ অভিনেত্ৰী তামন্না ভাটিয়াই আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ উদ্বোধনী অনুষ্ঠানত উদ্দাম নৃত্য কৰে। 

    তামান্নাই তেলেগু, গুজৰাটীকে ধৰি কেইবাটাও ভাষাৰ চুপাৰহিট গীত প্ৰাণ ঢালি  নৃত্য কৰে। ষোড়শ আই পি এলৰ উদ্বোধনী অনুষ্ঠানত  অৰিজিত সিঙৰ সুৰে মায়াজাল ৰচনা কৰে। অৰিজিতে এটা গুজৰাটী গানেৰে অনুষ্ঠান আৰম্ভ কৰে। তেওঁ  ইটোৰ  পিছত আনটো হিট গান গাই গৈছিল। কিন্তু যেতিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম তেওঁৰ গানৰ ছন্দত নাচি  আছিল, তেতিয়াই টেলিভিছনত তেওঁৰ ছন্দ পতন  হৈছিল।

    হাৰ্ডিক পাণ্ডিয়া হঠাতে টিভিৰ পৰ্দাত উপস্থিত হৈছিল। হাৰ্দিক গুজৰাট টাইটানছৰ অধিনায়ক হিচাবে নহয় বিজ্ঞাপনৰ মুখ হিচাবেহে টিভিত ওলাল।। আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মাজতে বিজ্ঞাপনৰ বাবে অৰিজিতৰ অনুষ্ঠান  হঠাতে বাধাপ্ৰাপ্ত হয়।

     উল্লেখ্য সম্প্ৰচাৰৰ দায়িত্ব লাভ কৰা চেনেলটোৱে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা  (বিচিচিআই) ২৩,০০০ কোটি টকাৰে সম্প্ৰচাৰৰ অধিকাৰ ক্ৰয় কৰিছে। গতিকে এই বৃহৎ পৰিমাণৰ ধন উলিয়াবলৈ বিজ্ঞাপন দেখুৱাবলগীয়া হৈছে।খেলৰ সম্প্ৰচাৰৰ সময়তো সেয়ে খেলত  ব্যাঘাত নঘটাকৈ বিজ্ঞাপন সম্প্ৰচাৰ কৰা হ’ব।