ডিজিটেল ডেস্ক : আই পি এলৰ অৱশিষ্ট খেলৰ বাবে দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ডেৱাল্ড ব্রেভিছক চুক্তিবদ্ধ কৰা বুলি শুকুৰবাৰে ঘোষণা কৰে চেন্নাই ছুপাৰ কিংছে।
তেওঁ আঘাতপ্রাপ্ত পেচাৰ গুৰজাপনিট সিঙৰ স্থান পূৰাব। ব্রেভিছে ২০২৩ চনত অভিষেক ঘটোৱাৰ পাছত দুখন টি-২০ মেচত ভাগ লৈছে। ২০২৫ দক্ষিণ আফ্রিকা-২০ লীগত ১৮৪.১৭ষ্ট্ৰাইক ৰেটৰ জৰিয়তে ২৯১ ৰান গোটাইছিল ব্রেভিছে।
২১ বছৰীয়া ব্রেভিছে ইয়াৰ আগেয়ে ২০২২ আৰু ২০২৪ সংস্কৰণৰ আই পি এলত মুম্বাই ইন্ডিয়ানছ দলৰ হৈ খেলিছিল। তেওঁ ১০ খন মেচত অংশ লৈছিল। এইবাৰ তেওঁ ২.২ কোটি টকাত চেন্নাইত যোগ দিয়ে।
Leave A Comment