• আইপিএলঃ ২৫০ সংখ্যক আইপিএল মেচ খেলি অভিলেখ গঢ়িলে ৰোহিতে

    ক্ৰীড়া
    আইপিএলঃ ২৫০ সংখ্যক আইপিএল মেচ খেলি অভিলেখ গঢ়িলে ৰোহিতে
    ডিজিটেল ডেস্কঃ আই পি এলত ২৫০ সংখ্যক মেচ খেলিলে ৰোহিত শৰ্মাই। মহেন্দ্ৰ সিং ধোনিৰ পিছত তেওঁ আই পি এলত ২৫০ সংখ্যক মেচ খেলা প্ৰথমজন ক্ৰিকেটাৰ। আৰু সেই মেচখনত ৰোহিতে এক নজিৰ গঢ়ি তুলিছিল। আই পি এলত ৬৫০০ ৰানৰ বাধা অতিক্ৰম কৰিলে।

    এইবাৰ আই পি এলত অধিনায়ক নহয় ৰোহিত। তেওঁ মাত্ৰ মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন। মুকলি মনেৰে খেলিছে ভাৰতীয় অধিনায়কগৰাকীয়ে। বৃহস্পতিবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে ২৫টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। আৰু সেই ইনিংছ খেলিবলৈ বাটত ৬৫০০ ৰানৰ বাধা অতিক্ৰম কৰিলে। 

    ৰোহিতৰ পূৰ্বে এই মাইলৰ খুঁটি অতিক্ৰম কৰিছে আই পি এলৰ তিনিগৰাকী ক্ৰিকেটাৰে। শীৰ্ষত আছে বিৰাট কোহলী। আই পি এলত ২৪৪খন মেচত ৭৬২৪ ৰান সংগ্ৰহ কৰে।

    দ্বিতীয় স্থানত আছে শিখৰ ধাৱান। ২২২খন মেচত ৬৭৬৯ ৰান সংগ্ৰহ কৰে। তৃতীয় স্থানত আছে ডেভিদ ৱাৰ্নাৰ। ১৮২খন মেচত ৬৫৬৩ ৰান সংগ্ৰহ কৰে। ৰানৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে ৰোহিতে।