• ছাগলীৰ মাংস খাই ভাল পায় যশস্বীয়ে! আৰু কি কি খাদ্য ভাল পায় টীম ইণ্ডিয়াৰ নতুন তাৰকাই

    ক্ৰীড়া
    ছাগলীৰ মাংস খাই ভাল পায় যশস্বীয়ে! আৰু কি কি খাদ্য ভাল পায় টীম ইণ্ডিয়াৰ নতুন তাৰকাই
    ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে ইংৰাজ বলাৰক তেওঁ শাসন কৰিছিল। তেওঁৰ প্ৰভাৱৰ বাবেই শৃংখলাত ২-১ গ’লত আগবাঢ়ি আছে ভাৰত। পিতৃ ভূপেন্দ্ৰ যাদৱো পুত্ৰৰ এই সাফল্যত সুখী। তেওঁ কয় যে যশস্বী এজন খাদ্যপ্ৰেমীও। অপেনাৰজনে কেনেধৰণৰ খাদ্য খাই ভাল পায়, দেউতাকে জনালে সকলো।

    এটা ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত ভূপেন্দ্ৰই কয়, “ছাগলীৰ মাংস খাই ভাল পায়। তাৰোপৰি ভাত, দালি, ৰুটি আৰু তৰকাৰী খাবলৈ ভাল পায়।” 

    বিভিন্ন শ্বট খেলি ইয়াছাছৱীয়ে ইংলেণ্ডৰ বলাৰসকলক হেঁচাত পেলাইছিল। কিন্তু দেউতাকে পুতেকৰ ছুইপ শ্বট ভাল পায়। তেওঁ কয়, “তেওঁ ডাঙৰ ডাঙৰ ছুইপ শ্বট খেলে। সেই শ্বটটো সঠিকভাৱে খেলিবলৈ বহুত কষ্ট।"

    ভূপেন্দ্ৰই বিচাৰে তেওঁৰ পুত্ৰই নিজৰ অভিলেখ সৃষ্টি কৰক। তেওঁ কয়, ‘মই বিচাৰো তেওঁ নিজৰ অভিলেখ গঢ়িব।’’