• ইটালীৰ হৈ ক্ৰিকেট খেলিব এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে

    ক্ৰীড়া
    ইটালীৰ হৈ ক্ৰিকেট খেলিব এইগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে
    ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত অপেনিং কৰিছিল। এদিনীয়া খেলো খেলিছিল। কিন্তু পুনৰ ক্ৰিকেট খেলপথাৰলৈ উভতি আহিছে অৱসৰপ্ৰাপ্ত জো বাৰ্নছ। এইবাৰ তেওঁ ইটালীৰ হৈ খেলিব। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁৰ ভাতৃৰ মৃত্যু হয়। বাৰ্ণছে নিজৰ ভাতৃক শ্ৰদ্ধাঞ্জলি জনাই ইটালীৰ হৈ খেলাৰ সিদ্ধান্ত লয়।

    ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ কোৱালিফায়াৰত ইটালীৰ হৈ খেলিব বাৰ্নছে। ইয়াৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়াৰ হৈ ২৩খন টেষ্ট আৰু ৬খন এদিনীয়া খেলিছিল। ২০২০ চনৰ পিছত তেওঁক অষ্ট্ৰেলিয়াৰ হৈ খেলা দেখা পোৱা নগ’ল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ ১৫৮৮ ৰান সংগ্ৰহ কৰে। বাৰ্ণছে চাৰিটা শতকো সংগ্ৰহ কৰে। এইবাৰ ইটালীৰ হৈ খেলিব।

    অষ্ট্ৰেলিয়াৰ হৈ খেলা সত্ত্বেও বাৰ্নছৰ পূৰ্বপুৰুষ ইটালীত বাস কৰিছিল। তাৰ পৰা তেওঁলোক অষ্ট্ৰেলিয়ালৈ গ’ল। বাৰ্নছে নিজৰ পুৰণি দেশৰ হৈ খেলিব। ৮৫ নম্বৰৰ জাৰ্চি পিন্ধিব। বাৰ্নছৰ ভায়েকে আগতে সেই জাৰ্চি নম্বৰটো পিন্ধিছিল। তেওঁ কয়, ‘ইটালীৰ হৈ খেলিবলৈ পাই মই গৌৰৱান্বিত। ৰোমৰ পৰা গাব্বা বহু দূৰত। কিন্তু ঘৰলৈ উভতি অহা যেন লাগে।"