• গুজৰাট টাইটানছত ডাঙৰ আঘাত!আইপিএলৰ খেলৰ মাজতে আঘাতপ্ৰাপ্ত কেন উইলিয়ামছন

    ক্ৰীড়া
    গুজৰাট টাইটানছত ডাঙৰ আঘাত!আইপিএলৰ খেলৰ মাজতে আঘাতপ্ৰাপ্ত কেন উইলিয়ামছন
    ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে আই পি এল ২০২৩। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ আৰু গুজৰাট টাইটানছ দল মুখামুখি হয়।

    এই খেলখনত গুজৰাট টাইটানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

    একে সময়তে এই মেচখনত গুজৰাট টাইটানছৰ খেলুৱৈ কেন উইলিয়ামছনে চেন্নাই ছুপাৰ কিংছৰ বেটছমেন ঋতুৰাট গাইকৱাদৰ কেচ লোৱাৰ প্ৰয়াস চলোৱাৰ সময়তে আঘাতপ্ৰাপ্ত হয়।

    ইয়াৰ পিছত কেন উইলিয়ামছনক খেলপথাৰৰ পৰা বাহিৰ হ’বলগীয়া হয়। জানিব পৰা মতে  কেন উইলিয়ামছনে সোঁ আঁঠুত আঘাত পাইছে । অৱশ্যে কেন উইলিয়ামছনৰ আঘাত কিমান গুৰুতৰ সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।