• আইপিএলঃ প্রথমখন মেচত ৰান পালে দীনেশ কাৰ্তিকে! কিন্তু ইংগিত দিলে অৱসৰৰ, কি ক’লে প্ৰবীন তাৰকাগৰাকীয়ে?

    ক্ৰীড়া
    আইপিএলঃ প্রথমখন মেচত ৰান পালে দীনেশ কাৰ্তিকে! কিন্তু ইংগিত দিলে অৱসৰৰ, কি ক’লে প্ৰবীন তাৰকাগৰাকীয়ে?
    ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰথমখন মেচত ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে দীনেশ কাৰ্তিকে। কিন্তু খেলাৰ পিছত কাৰ্তিকে ইংগিত দিয়ে যে তেওঁ হয়তো শেষৰখন মেচ খেলিছে। আই পি এলৰ এইটো কাৰ্তিকৰ অন্তিম ছিজন নে নহয় সেই বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে।

    মেচৰ মাজভাগত কাৰ্তিকক সোধা হৈছিল যে এইখন তেওঁৰ শেষ মেচ নেকি? তেওঁ ক’লে, “বহুত ভাল প্ৰশ্ন। আশাকৰোঁ নহয়। কাৰণ ইয়াত প্লে অফৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ কথা। যদি মই তাৰ বাবে এই ক্ষেত্ৰখনলৈ উভতি যাব পাৰো, তেন্তে সেইবোৰেই হ’ব মোৰ শেষ মেচ। সেইটোৱেই মই প্ৰাৰ্থনা কৰিছো।"

    কাৰ্তিক স্বীকাৰ কৰে যে একলগে কমেণ্টৰী আৰু ক্ৰিকেট খেলাটো এটা কঠিন কাম। ক'লে, "বহুত কষ্টকৰ। টেষ্ট মেচৰ সময়ত কমেণ্টৰী আৰু অলপ ক্ৰিকেট অনুশীলনৰ মাজত মোৰ নিজৰ বাবে সময় প্ৰায়েই নাথাকে। প্ৰথম মেচখন ভালকৈ খেলিবলৈ পাই মই বহুত সুখী। ব্যক্তিগতভাৱে মোৰ ভাল লাগে।"