• এটা ভুল নকৰা হ’লেই বিশ্বকাপ জিকিলহেঁতেন টীম ইণ্ডিয়াই! অনুশোচনা কে এল ৰাহুলৰ

    ক্ৰীড়া
    এটা ভুল নকৰা হ’লেই বিশ্বকাপ জিকিলহেঁতেন টীম ইণ্ডিয়াই! অনুশোচনা কে এল ৰাহুলৰ
    ডিজিটেল ডেস্কঃ যোৱা বছৰ বিশ্বকাপৰ ফাইনেলত পৰাজয় তেওঁৰ মনত এতিয়াও সতেজ হৈ আছে। এতিয়াও সেই ৰাতিটো পাহৰিব পৰা নাই। সেই মেচত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ আঁৰত তেওঁৰ ভুল আছিল নেকি? কে এল ৰাহুলে এক সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰে। তেওঁৰ মতে, এটা সৰু ভুল নহ’লে তেওঁ বহুত বেছি দিন ক্ৰীজত থাকিব পাৰিলেহেঁতেন। ভাৰত চেম্পিয়ন হ’ব পাৰিলেহেঁতেন৷

    সেই মেচত ৰাহুলে ১০৭টা বলত ৬৬ ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ এটা বাউণ্ডেৰী আঘাত কৰে। ষ্ট্ৰাইক ৰেট আছিল ৬১.৬৮। সেই ইনিংছৰ পিছত তেওঁ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

    ৰাহুলে কয়, ‘বিশ্বকাপৰ ফাইনেলৰ কথা আজিও মনত আছে। মিচেল ষ্টাৰকৰ বলিং স্পষ্টকৈ মনত আছে। সেইদিনা তেওঁৰ বলটো ৰিভাৰ্ছ চুইং হৈছিল। আক্ৰমণ কৰিব নোৱাৰিলে কাৰণ বলটো অতি কঠিন কোণৰ পৰা আহিছিল।

    ৰাহুলে লগতে কয়, ‘মই এতিয়াও অনুভৱ কৰোঁ যে মই সেইদিনা সেই ভুলটো নকৰিলে আৰু বাকী অভাৰ খেলা হ’লে আমি স্ক’ৰব’ৰ্ডত কমেও ৩০-৪০ ৰান আৰু সংযোজন কৰিলোঁহেঁতেন। তেতিয়া হয়তো আমি বিশ্বকাপ জিকিলোহেঁতেন। সেই এটা আক্ষেপ এতিয়াও মোৰ মনত আছে।"