• আইপিএলৰ শত্ৰুতা বিশ্বকাপত পৰিণত হ’ল বন্ধুত্বলৈ! খেলপথাৰত একেলগে দেখা গ’ল নবীন উল হক আৰু বিৰাট কোহলী! পৰস্পৰে পৰস্পৰক কৰিলে উচ্চ প্ৰশংসা

    ক্ৰীড়া
    আইপিএলৰ শত্ৰুতা বিশ্বকাপত পৰিণত হ’ল বন্ধুত্বলৈ! খেলপথাৰত একেলগে দেখা গ’ল নবীন উল হক আৰু বিৰাট কোহলী! পৰস্পৰে পৰস্পৰক কৰিলে উচ্চ প্ৰশংসা
    ডিজিটেল ডেস্কঃ বিশ্বকাপে আই পি এলৰ শত্ৰুতা মচি পেলালে। আই পি এলত নিজ নিজ দলৰ হৈ খেলি থকাৰ সময়তে বিৰাট কোহলী আৰু নবীন উল হকৰ মাজত সংঘাত হৈছিল। সেই শত্ৰুতা বিশ্বকাপত দেশৰ জাৰ্চিত বন্ধুত্বলৈ পৰিণত হৈছে। খেলৰ দিনা দুয়োকে সাৱটি ধৰা আৰু হাত মিলাই থকা দেখা গৈছে। কোহলীয়ে নবীনৰ পিঠিত থপৰিয়ায়। খেলখনৰ পিছতে কোহলীক উচ্চ প্ৰশংসা কৰে যুৱকজনে।

    কোহলীৰ বিষয়ে সোধাত নবীনে কয়, ''তেওঁ এজন বৰ ভাল ক্ৰিকেটাৰ। খেলৰ পিছত আমি হাত মিলাইছিলো। পথাৰখনৰ ভিতৰত বহু কথাই ঘটে। কিন্তু খেলপথাৰৰ বাহিৰত আমাৰ মাজত কোনো বিৰোধিতা নাই। মানুহে ইয়াক বৃদ্ধি কৰে। তেওঁলোকৰ অনুসৰণকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা। কোহলীয়ে মোক পুৰণি সকলো কথা পাহৰিবলৈ কৈছিল। মইও ক’লোঁ, সকলো পাহৰি গ’লোঁ৷ ইয়াৰ পিছত আমি হাত ধৰি ইজনে সিজনক সাৱটি ধৰো।"

    আই পি এলত সেই মেচৰ পিছত কোহলী আৰু নবীনক জৰিমনা বিহা হৈছিল। কেৱল সেয়াই নহয়, আফগানিস্তানৰ এই পেচাৰগৰাকীক ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰা হৈছিল। আনকি বুধবাৰৰ মেচখনতো নবীন বেটিং বা বলিং কৰাৰ সময়ত অনুৰাগীয়ে কোহলীৰ নাম ধ্বনি দিছিল। কিন্তু ক্ৰিকেটাৰ দুগৰাকীৰ আচৰণে ইংগিত দিলে যে পাঁচ মাহৰ আগৰ আই পি এলৰ অধ্যায়টো এতিয়া অতীতত।