• বিশ্বকাপ ক্ৰিকেটঃ চাৰিদিন পূ্ৰ্বেই বিৰাট কোহলীক জন্মদিনৰ শুভেচ্ছা জনালে পাকিস্তানী ক্ৰিকেটাৰে, আশা কৰিলে ৪৯তম শতকৰো

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ চাৰিদিন পূ্ৰ্বেই বিৰাট কোহলীক জন্মদিনৰ শুভেচ্ছা জনালে পাকিস্তানী ক্ৰিকেটাৰে, আশা কৰিলে ৪৯তম শতকৰো
    ডিজিটেল ডেস্কঃ ৫ নৱেম্বৰত ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব। সেইদিনা বিৰাট কোহলীৰো জন্মদিন। তেওঁ ক্ৰিকেট খেলি ৩৫ সংখ্যক জন্মদিন উদযাপন কৰিব। সেই মেচৰ চাৰিদিন পূৰ্বেই কোহলীয়ে জন্মদিনৰ শুভেচ্ছা লাভ কৰিলে। পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে সেই শুভেচ্ছা জনায়।

    মঙলবাৰে ইডেনত বাংলাদেশৰ বিৰুদ্ধে ৰিজৱানৰ পাকিস্তানে জয়লাভ কৰে। ইয়াৰ পিছত তেওঁক কোহলীৰ জন্মদিনত দক্ষিণ আফ্ৰিকাৰ খেলখনৰ বিষয়ে অৱগত কৰা হয়। ৰিজৱানে কয়, “৫ নৱেম্বৰ তেওঁৰ জন্মদিন, শুনি ভাল লাগে। আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। মই যদিও মোৰ জন্মদিন উদযাপন নকৰো।  কিন্তু বিৰাটৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেওঁৰ জন্মদিনত ৪৯তম শতক কৰাৰ আশা কৰিছো। লগতে আশা কৰোঁ যে তেওঁ বিশ্বকাপত ৫০টা শতক লাভ কৰিব।’

    উল্লেখ্য যে বৰ্তমান কোহলীৰ হাতত আছে ৪৮ শতক। বৃহস্পতিবাৰে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। সেইদিনা হ’ব পাৰে কোহলীৰ ৪৯ শতক। ভাৰতৰ ছেমি ফাইনেল কাৰ্যতঃ পূৰঠ। তেনে ক্ষেত্ৰত কোহলীয়ে ৫০ শতকৰ বাবে আৰু কমেও চাৰিখন মেচ লাভ কৰিব।