• জন্মদিনত শতক অৰ্জন কৰি নিজকে উপহাৰ দিলে বিৰাটে! ইনিংছৰ শেষত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কিং কোহলীয়ে?

    ক্ৰীড়া
    জন্মদিনত শতক অৰ্জন কৰি নিজকে উপহাৰ দিলে বিৰাটে! ইনিংছৰ শেষত কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কিং কোহলীয়ে?
    ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে জন্মদিনত শচীন তেণ্ডুলকাৰৰ অভিলেখ স্পৰ্শ কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলিয়ে ৪৯ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে। ভাৰতীয় ক্ৰিকেটৰ ‘চিকু’ই কলকাতাৰ ইডেন গাৰ্ডেনত এই সফলতা লাভ কৰে। দেওবাৰে কোহলীয়ে ১১৯টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে। ১০ টা চাৰি মাৰে। শেষত কোহলীয়ে ১২১টা বলত ১০১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

    এই বিশ্বকাপত কোহলীয়ে তিনিবাৰকৈ শতক অৰ্জন কৰি ঘূৰি আহিবলগীয়া হৈছিল। বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰাৰ পিছতো সন্তুষ্ট নহ’ল ক্ৰিকেট দৰ্শক। বহুতে আশা কৰিছিল যে এই বিশ্বকাপত কোহলীয়ে এদিনীয়া ক্ৰিকেটত শচীনক অতিক্ৰম কৰিব। সেয়া হ’ব নে নহয় সেয়া নিশ্চিতভাৱে ক’ব নোৱাৰিছিল। কিন্তু ইডেনৰ ২২ গজত দক্ষিণ আফ্ৰিকাৰ বলাৰক শাসন কৰি শচীনক স্পৰ্শ কৰে কোহলিয়ে।

    এদিনীয়া ক্ৰিকেটত ৪৯ সংখ্যক শতক সম্পূৰ্ণ কৰাৰ সময়ত ৬৭ হাজাৰ লোকৰ এখন গেলেৰীয়ে তেওঁক ষ্টেণ্ডিং অভেচন দিছিল। বিৰাটৰ পত্নী অনুষ্কাৰ ভাষাত "তেওঁ জন্মদিনত নিজকে উপহাৰ দিছে"। নিংছৰ শেষত শ্ৰেয়াছ আয়েৰকো বিৰাটে প্ৰশংসা কৰে। দেওবাৰে এদিনীয়া ক্ৰিকেটত ৪৯ সংখ্যক শতক অৰ্জন কৰাৰ পিছত বিৰাটে কয়, ‘মই মোৰ জন্মদিনত শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। ভগৱানক ধন্যবাদ মোক এনে সুযোগ দিয়াৰ বাবে। ইমান বৃহৎ সংখ্যক দৰ্শকৰ সন্মুখত মই সক্ষম হ’লোঁ। গ্ৰেট ফিলিং।”

    বিৰাটে কয় যে ইডেনৰ পিটচত বেটিং কৰাটো কঠিন। ১২১টা বলত ১০১ ৰানৰ অপৰাজিত ইনিংছ খেলাৰ পাছত তেওঁ কয়, ‘এনে খেলপথাৰত বেটিং কৰাটো কঠিন। ৰোহিত (শৰ্মা) আৰু শুবমান (গিল)ৰ আৰম্ভণি খুব ভাল। মোৰ দায়িত্ব আছিল শেষলৈকে বেটিং কৰা। দলটোৱে মোক সেইটোৱেই কৈছিল। শ্ৰেয়াছেও বহুত ভাল খেলিছিল।”

    বিৰাটে ক’লে, “পিটচ লেহেমীয়া। আমাৰ দলত ভাল বলাৰ আছে। দ্ৰুত উইকেট ল’ব লাগিব। আৰম্ভণিতে যদি তেওঁলোকে উইকেট লয় তেন্তে তেওঁলোকক হেঁচাত পেলোৱা হ’ব পাৰে।’