• আইপিএলঃ এইবাৰ ফিল্ডাৰ হিচাপে নতুন অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে

    ক্ৰীড়া
    আইপিএলঃ এইবাৰ ফিল্ডাৰ হিচাপে নতুন অভিলেখ গঢ়িলে বিৰাট কোহলীয়ে
    ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে সৃষ্টি কৰিলে আন এক অভিলেখ। সোমবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা আই পি এল মেচত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এক নতুন কৃতিত্ব অৰ্জন কৰে। কিন্তু বেটৰ লগত নহয়। ফিল্ডাৰ হিচাপে। জনী বেইৰষ্ট’ৰ কেচটোৰ লগে লগে টি-২০ ক্ৰিকেটৰ অভিলেখ কোহলীৰ হাতত আহি পৰে।

    ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেনগৰাকী ফিল্ডাৰ কোহলীৰ ১৭৩ সংখ্যক বলি। অৰ্থাৎ টি-২০ ক্ৰিকেটত কোহলীয়ে ১৭৩টা কেচ লৈছে। আন কোনো ভাৰতীয় ক্ৰিকেটাৰে ইমান কেচ লোৱা নাই। দেওবাৰলৈকে সুৰেশ ৰাইনা আৰু কোহলী যৌথভাৱে শীৰ্ষত আছিল। ক্ৰিকেটৰ ওপৰত ২০টাত ৰাইনাই ১৭২টা কেচ লয়। কোহলীয়ে তেওঁক শীৰ্ষস্থান দখল কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

    এই তালিকাত তৃতীয় স্থানত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। টি-২০ ক্ৰিকেটত তেওঁৰ কেচৰ সংখ্যা ১৬৭টা। চতুৰ্থ স্থানত থকা মনীষ পাণ্ডেই ১৪৬টা কেচ লৈছে। পঞ্চম স্থানত আছে সূৰ্যকুমাৰ যাদৱ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টি-২০ বেটছমেনৰ ১৩৬টা আই পি এল কেচ আছে।