• লুভীয়া বিৰাট কোহলী কিদৰে সচেতন হ’ল ফিটনেছৰ প্ৰতি? জনালে হৰভজন সিঙে

    ক্ৰীড়া
    লুভীয়া বিৰাট কোহলী কিদৰে সচেতন হ’ল ফিটনেছৰ প্ৰতি? জনালে হৰভজন সিঙে
    ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেটত ফিটনেছৰ ক্ষেত্ৰত বিৰাট কোহলীৰ কোনো প্ৰতিদ্বন্দী নাই। কোহলীক দেখি বহু ক্ৰিকেটাৰ ফিটনেছৰ প্ৰতি সচেতন হৈ পৰিছে। হৰভজন সিঙে তেনে এটা ঘটনাৰ কথা উল্লেখ কৰিছিল। জাতীয় দলত থকা সময়ছোৱাত তেওঁ নিবিড়ভাৱে দেখিছিল যে কেনেকৈ কোহলীয়ে নিজৰ খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰি ফিটনেছ সচেতন হৈ উঠিছিল।

    এটা চেনেলত হৰভজনে কয়, ‘ফিটনেছৰ কথা আহিলে আইনাখনৰ সন্মুখত নিজকে চালেই বুজিব পাৰি। আপোনাৰ এনে লাগিব যেন কিবা এটা কৰিব লাগিব। এটা সময় আছিল যেতিয়া এজন মানুহে অকলেই চাৰিজনৰ খাদ্য খাব পাৰিছিল। যেতিয়াই খাদ্যৰ কথা হৈছিল, মোক সুধিছিল- পাজি! এই ব্যঞ্জন অৰ্ডাৰ দিম নেকি?”- হৰভজনে ইয়াত কোহলীৰ নাম নোলোৱাকৈয়ে ক’লে।

    ভজীয়ে লগতে কয়, “মই তাৰ পৰিৱৰ্তন দেখি সুধিলোঁ, ইমান নিয়ন্ত্ৰণ কেনেকৈ? এটা নিৰ্দিষ্ট পৰিমাণৰ খাদ্য খায়। সেইটোও নিৰ্দিষ্ট সময়ত। নিজৰ বাবে ডাঙৰ অনুশাসন আনিলে। সেই ক্ৰমত মোক বান্ধিবলৈ চেষ্টা কৰিলে। কোহলীৰ সৈতে খেলা দুবছৰ মোৰ বাবে বহুত ভাল। কোহলীৰ বাবে মই মোৰ ফিটনেছৰ শিখৰত উপনীত হ’লোঁ৷ মোক জিমলৈ লৈ যাবলৈ ধৰিলে। আগতে মই তেওঁক ফিটনেছ গুৰু বুলি কৈছিলোঁ। কোহলীৰ বাবেই ভাৰতীয় দলটোৱে ফিটনেছৰ ওপৰত পৃথকে পৃথকে প্ৰশিক্ষণ আৰম্ভ কৰিছিল।”