ডিজিটেল ডেস্কঃ হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে প্ৰস্তুত হৈছে নেকি নাটাছা ষ্টেনকভিচ? এই জল্পনা-কল্পনাৰ মাজতে নাটাছাই মুখ মেলিলে। কি কলে হাৰ্দিকৰ অভিনেত্ৰী পত্নীয়ে?
শেহতীয়াকৈ নাটাছাই আলেকজেণ্ডাৰ এলেক্সলিকৰ সৈতে এখন ৰেষ্টুৰেণ্টত খাবলৈ গৈছিল। বলীউডৰ অভিনেত্ৰী দিশা পাটানীৰ সৈতে আলেকজেণ্ডাৰৰ সম্পৰ্কৰ উৰাবাতৰি। নাটাছাই ৰেষ্টুৰেণ্টৰ বাহিৰত ফটো তুলিলে। তাৰ পিছত তেওঁক সোধা হ’ল যে সঁচাকৈয়ে তেওঁৰ আৰু হাৰ্দিকৰ মাজত কোনো সমস্যা আছে নেকি?
উত্তৰত নাটাছাই হাঁহি এটা মাৰি ক'লে, "ধন্যবাদ"। ইয়াৰ পিছত তেওঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল। হাৰ্দিকৰ পত্নীয়ে একো কোৱা নাছিল। এই বিষয়ত হাৰ্দিকে এতিয়াও মুখ মেলিব পৰা নাই।
যোৱা তিনি চাৰিদিন ধৰি হাৰ্দিক আৰু নাটাছাৰ বিচ্ছেদক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। কেইবাদিনো ছচিয়েল মিডিয়াত একো পোষ্ট নকৰিলে। বিয়াৰ পিছত নাটাছাই ইনষ্টাগ্ৰামত নিজৰ নামৰ কাষত ‘পাণ্ডিয়া’ উপাধিটো ব্যৱহাৰ কৰি আছিল। শেহতীয়াকৈ তেওঁ ডিলিট কৰি পেলাইছে। তেতিয়াৰ পৰাই জল্পনা-কল্পনা বাঢ়িছে।
Leave A Comment