• আইপিএলৰ গ্ৰাসত ক্ৰিকেট বিশ্ব! নিজৰ দেশৰ দলৰ হৈ চিৰিজ নেখেলে ৯গৰাকীকৈ কিৱি ক্ৰিকেটাৰে

    ক্ৰীড়া
    আইপিএলৰ গ্ৰাসত ক্ৰিকেট বিশ্ব! নিজৰ দেশৰ দলৰ হৈ চিৰিজ নেখেলে ৯গৰাকীকৈ কিৱি ক্ৰিকেটাৰে
    ডিজিটেল ডেস্কঃ আই পি এল সুকলমে চলি আছে। ইফালে নিউজিলেণ্ডে পাকিস্তান ভ্ৰমণ কৰিবলৈ ওলাইছে। অৱশ্যে আই পি এলত খেলাৰ বাবে নিউজিলেণ্ড ভ্ৰমণ কৰিব নোৱাৰিব বহু কিউই ক্ৰিকেটাৰ। ইয়াৰ ভিতৰত ৰচিন ৰবীন্দ্ৰ, কেন উইলিয়ামছনকে ধৰি ৯ জন ক্ৰিকেটাৰ আছে। ৩ এপ্ৰিলত ঘোষণা কৰা দলটোত এই ৯ গৰাকী ক্ৰিকেটাৰৰ নাম নাই।

    টি-২০ বিশ্বকাপৰ প্ৰস্তুতি হিচাপে পাকিস্তানে এই ভ্ৰমণৰ আয়োজন কৰিছে। ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই ধাৰাবাহিকখন। কিন্তু নিউজিলেণ্ডৰ অধিকাংশ ক্ৰিকেটাৰে আই পি এল খেলি টি-২০ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাব বিচাৰে। গতিকে তেওঁলোক পাকিস্তানলৈ যোৱা নাই।

    নিউজিলেণ্ড দলৰ নেতৃত্ব দিব মাইকেল ব্ৰেচৱেলে। সেই দলটোত মাৰ্ক চেপমেন, ফিন এলেন, জিমি নিছামৰ দৰে ক্ৰিকেটাৰ আছে। বহু যুৱ ক্ৰিকেটাৰে দলত সুযোগ পাইছে। কিন্তু ৰাচিন আৰু উইলিয়ামছনৰ বাহিৰেও ট্ৰেণ্ট ব’ল্ট, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, ডেৰিল মিচেল, গ্লেন ফিলিপছ আৰু মিচেল ছাণ্টনাৰৰ নাম উল্লেখ কৰা হোৱা নাই।