• ভাৰতৰ হাতত লজ্জাজনক পৰাজয়, শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডৰ সকলো সদস্যৰ গণ পদত্যাগ বিচাৰিলে দেশ খনৰ ক্ৰীড়া মন্ত্ৰীয়ে

    ক্ৰীড়া
    ভাৰতৰ হাতত লজ্জাজনক পৰাজয়, শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডৰ সকলো সদস্যৰ গণ পদত্যাগ বিচাৰিলে দেশ খনৰ ক্ৰীড়া মন্ত্ৰীয়ে
    ডিজিটেল ডেস্কঃবিশ্বকাপৰ খেলত ভাৰতৰ হাতত শোচনীয় পৰাজয় বৰণ কৰা শ্ৰীলংকাৰ দলটো এতিয়া নিজৰ দেশত তীব্ৰভাবে সমালোচিত হৈছে।   শ্ৰীলংকাৰ দলটোৱে ভাৰতৰ হাতত  ৩০২ ৰাণৰ বৃহৎ ব্যৱধানত  পৰাজিত হৈছিল। আৰু এই অপমানজনক পৰাজয়ৰ পিছত সমগ্ৰ দ্বীপৰাষ্ট্ৰতে এতিয়া দলটোৰ বিৰুদ্ধে  সমালোচনাৰ ধুমুহা  বলিছে।


    এনে সমালোচনাৰ মাজতে শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰী ৰোশন ফাৰ্নাণ্ডোৱে ঘৰুৱা ক্ৰিকেট ব'ৰ্ডৰ সকলো সদস্যক পদত্যাগ কৰিবলৈ কৈছে।মন্ত্ৰীগৰাকীয়ে কয়  "শ্ৰীলংকাৰ ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে তেওঁলোকৰ পদত বাহাল  থকাৰ  কোনো নৈতিক অধিকাৰ নাই। তেওঁলোকে স্বেচ্ছাই পদত্যাগ কৰা উচিত। " 

    সংবাদ মাধ্যমতো শ্ৰীলংকাৰ হৃদয়বিদাৰক পৰাজয়ৰ পিছত লংকাৰ দলটোক কঠোৰভাবে সমালোচনা কৰা হৈছিল।
    উল্সেখ্য  শ্ৰীলংকাই ১৯৯৬ চনৰ পৰা আজিলৈকে এখনো  বিশ্বকাপ জিকিব পৰা নাই। 

    এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকা ৫০ ৰাণত বাহিৰ হৈছিল। বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে শ্ৰীলংকাৰ বেটিং বিফলতাই সকলোকে আচৰিত কৰি তুলিছিল। ভাৰতে প্ৰথমে বেটিং কৰিছিল আৰু ৩৫৭ ৰাণ সংগ্ৰহ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই মাত্ৰ  ৫৫ ৰাণতে খেল সমৰিবলগীয়া হৈছিল।  তাৰ পিছতে দলটোৰ বিৰুদ্ধে  দ্বীপৰাষ্ট্ৰখনত তীব্ৰ সমালোচনা হৈছিল।