• ক্ৰিকেট বিশ্বকাপঃ ইতিহাস সৃষ্টি কৰিলে আফগানিস্তানে! দূৰ্দান্ত প্ৰদৰ্শনেৰে পৰাস্ত কৰিলে পাকিস্তানক, নিস্প্ৰভ শ্বাহীন-ছাদাবৰ বলিং আক্ৰমণ

    ক্ৰীড়া
    ক্ৰিকেট বিশ্বকাপঃ ইতিহাস সৃষ্টি কৰিলে আফগানিস্তানে! দূৰ্দান্ত প্ৰদৰ্শনেৰে পৰাস্ত কৰিলে পাকিস্তানক, নিস্প্ৰভ শ্বাহীন-ছাদাবৰ বলিং আক্ৰমণ
    ডিজিটেল ডেস্কঃ পুনৰ ইতিহাস গঢ়িলে আফগানিস্তানে। এতিয়াৰে পৰা যিকোনো শক্তিশালী দলে সহজে ল’ব নোৱাৰিব বিশ্ব ক্ৰিকেটৰ নতুন চাঞ্চল্য আফগানবাহিনীক। বিশ্বকাপৰ ২২ সংখ্যক মেচত আফগানবাহিনীয়ে পৰাস্ত কৰিলে শক্তিশালী দল পাকিস্তানক। বেটে বলে সুন্দৰ প্ৰদৰ্শন আগবঢ়ালে আফগানিস্তানে।

    চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত পাকিস্তানে টছত জয়ী হৈ বেটিং কৰে। ইমাম উল হক (১৭) ব্যৰ্থ হ’লেও আব্দুল্লাহ ছফিক (৫৮)ৰ স’তে অপেনিং যুটীত ৫৭ ৰাণ সংগ্ৰহ কৰে। উজ্বলি উঠে অধিনায়ক বাবৰ আজম (৬৭)। কিন্তু ব্যৰ্থ হয় মহম্মদ ৰিজৱান (৮) আৰু ছাউড ছাকিল (২৫)। শেষৰ ফালে ইফটিকাৰ আহমেদৰ ২৭ টা বলত মাৰমুখী ৪০ ৰাণ আৰু ছাদাৱ খানৰ ৪০ ৰাণৰ সহায়ত পাকিস্তানে সাতটা উইকেট হেৰুৱাই নিৰ্ধাৰিত অভাৰত ২৮২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দূৰ্দান্ত বলিঙেৰে আফগানিস্তানৰ নবীন তাৰকা নুৰ আহমেদে তিনিটা আৰু নবীন উল হকে দুটা উইকেট লাভ কৰে।

    ২৮৩ ৰাণৰ লক্ষ্য লৈ আফগানিস্তানে দূৰ্দান্ত আৰম্ভণি কৰে। অপেনাৰদ্বয় ৰামানুল্লাহ গুৰবাজ (৬৫) আৰু ইব্ৰাহিম জাদ্ৰান (৮৭)-এ প্ৰথম উইকেটৰ যুটীতে সংগ্ৰহ কৰে ১৩০ ৰাণ। তাৰপাছৰে পৰা পাকিস্তানৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰে। নিস্প্ৰভ হৈ ৰয় পাকিস্তানৰ অভাৰৰেটেড বলিং আক্ৰমণ। চাপ সৃ্ষ্টি কৰিব নোৱাৰিলে হেৰিছ ৰউফ, শ্বাহীন, ছাদাৱে। মাত্ৰ দুটা উইকেট হেৰুৱাইয়েই আফগানিস্তানে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ৰহমত শ্বাহে ৭৭ আৰু হছমতুল্লাহ ছাহিদীয়ে ৪৮ ৰাণ কৰি অপৰাজীত হৈ থাকে। 

    উল্লেখ্য যে পাকিস্তানৰ বিৰুদ্ধে আফগানিস্তানৰ ক্ৰিকেট ইতিহাসত এয়া প্ৰথমটো বিজয়। আনহাতে, একেৰাহে তিনিখনকৈ মেচত পৰাস্ত হৈ বিশ্বকাপত এটাৰ পাছত আন এটা পইণ্ট হেৰুৱাই বিপৰ্যস্ত হৈ পৰিছে বাবৰ বাহিনী।