• বিশ্বকাপ ক্ৰিকেটঃ বাবৰ আজমৰ বিৰুদ্ধে ৰাজপথত নামিব পাকিস্তানৰ এইগৰাকী অভিনেত্ৰী? চ’ছিয়েল মিডিয়াত কৰিলে ঘোষণা

    ক্ৰীড়া
    বিশ্বকাপ ক্ৰিকেটঃ বাবৰ আজমৰ বিৰুদ্ধে ৰাজপথত নামিব পাকিস্তানৰ এইগৰাকী অভিনেত্ৰী? চ’ছিয়েল মিডিয়াত কৰিলে ঘোষণা
    ডিজিটেল ডেস্কঃ পাকিস্তানী অভিনেত্ৰী ছেহৰ শ্বিনৱাৰীয়ে ভাৰতক পৰাস্ত কৰিলে ছাকিব আল হাছানৰ সৈতে ঢাকালৈ গৈ মাছ খোৱাৰ কথা কৈছিল। সেই মেচখনত বাংলাদেশ পৰাজিত হোৱাত তেওঁ হতাশ হৈছিল। বাবৰ আজম বাহিনীৰ প্ৰদৰ্শনে তেওঁৰ হতাশা বৃদ্ধি কৰিলে।

    পাকিস্তান দলৰ সৈতে এইবাৰ বিশ্বকাপত ভাল ফলৰ আশা কৰিছিল ছেহাৰে। কিন্তু নিৰাশ হয় অভিনেত্ৰী। ছচিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। তেওঁ নিৰ্বিচাৰে বাবৰৰ দলটোক আক্ৰমণ কৰে।

    ছেহাৰে লিখিছে, ‘পাকিস্তান ক্ৰিকেট দলে কেৱল ৰাজনৈতিক আৰু ধৰ্মীয় বক্তব্যৰে অনুৰাগীক বোকা পানী খুৱাব পাৰে। পাৰফৰ্মিং তেওঁলোকৰ টু-ডু লিষ্টত নাই। বাবৰ আজমকে ধৰি সকলোৱে ৰিজাইন নিদিয়ালৈকে আমি পাকিস্তানৰ সকলো ৰাজপথতে প্ৰতিবাদ কৰিম।''
     
    উল্লেখ্য যে পাকিস্তানৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ছেহাৰ। ছ’চিয়েল মিডিয়াত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা প্ৰায় ডেৰ লাখ। বিশ্বকাপৰ সময়ত তেওঁৰ বিভিন্ন মন্তব্য ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। বাংলাদেশ দলক প্ৰেৰণা দিবলৈ সদায় চেষ্টা কৰি থকা। কেতিয়াবা নিজৰ দেশৰ দল। ক্ৰিকেটপ্ৰেমী অভিনেত্ৰীগৰাকীয়ে ছাকিব বা বাবৰৰ ব্যৰ্থতাত নিজৰ হতাশা লুকুৱাই ৰখা নাই।